নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত প্ৰদৰ্শন হব গৌৰৱ বৰুৱাৰ চুটি ছবি দ্যা পাছিং ক্লাউডছ

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা অতি ‌ভাল খবৰ। লখিমপুৰৰ মৈদমীয়া নিবাসী গৌৰব বৰুৱাৰ পৰিচালিত ,ʼThe Passing Clouds’ নামৰ অসমীয়া চুটি ছবিখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনস্থিত Seattle আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ, “20th Tasveer Film Festival&Market ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

মহোৎসৱখন অহা ৮  অক্টোৱৰৰ পৰা ১২ অক্টোৱৰলৈ‌ চলিব। ছবিখনৰ অৱধাৰণা (concept) হৈছে এজন নিবনুৱা যুৱকৰ জীৱনত ঘটা অভাৱ অনাটন, প্ৰেমত প্ৰতাৰনা ইত্যাদি এটা কৰুণ কাহিনী।

ছবিখনৰ কাহিনী লিখিছে প্ৰানদীপ দস্তীদাৰ আৰু গৌৰৱ বৰুৱাই। ছবিখন নিৰ্মানো কৰিছে দু‌য়োৱে যুটীয়াভাৱে। ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ গোস্বামীয়ে। অনান্য চৰিত্ৰত আছে ডঃ অনুপম কে বৰা, দিপান্জলী বৰপাত্ৰগোহাঁই, পূৰবী বুঢ়াগোহাঁই আৰু হিৰকে।

ফটোগ্ৰাফীত‌‌ মুখ্য হিচাবে আছে ধ্ৰুৱ। অনান্য কলা কুশলী সকলে ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। উল্লেখযোগ্য, ইয়াৰ আগতেও গৌৰব বৰুৱাৰ দ্বাৰা পৰিচালিত “The Silence In The Wind” নামৰ চুটি ছবিখনে আমেৰিকা, ইটালী আদি দেশৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু বিশেষ সমাদৰ লাভ কৰিছিল।

উল্লেখ্য গৌৰব বৰুৱা বৰ্তমান বাংগালোৰস্থিত এটা বহু ৰাষ্ট্ৰীয় কোম্পানীত কৰ্মৰত। গৌৰৱ বৰুৱা আৰু তেওঁৰ সহযোগীসকলক এনেদৰে আন্তঃৰাষ্ট্ৰীয় মানৰ অসমীয়া ছবি নিৰ্মাণ কৰি যাবৰ বাবে শুভেচ্ছা তথা উৎসাহ জনাইছে। .

বিশেষ বাৰ্তা, লখিমপুৰ, ২৬ ছেপ্টেম্বৰ

You might also like