বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : আজি পুৱা ৮ বজাৰ পৰা বড়োলেণ্ড টেৰিট’ৰিয়েল কাউঞ্চিল (BTC)ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ভোটগণনাৰ আৰম্ভণিতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)-এ শাসকীয় দল ইউপিপিএল-বিজেপি জোঁটবন্ধনতকৈ উল্লেখযোগ্য অগ্ৰগতি লোৱা দেখা গৈছে।
৪০খন আসনৰ ৩৮খনৰ তথ্য অনুসৰি, BPF-এ ২১খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপি আৰু ইউপিপিএলে বাতৰি লিখা পৰলৈকে মুঠ ৮খনত অগ্ৰগতি লাভ কৰি আছে, এখন আসনত স্বতন্ত্ৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে। কংগ্ৰেছে এতিয়ালৈকে কোনোখন আসনতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।
৪০ আসনবিশিষ্ট BTCত ভোটগ্ৰহণ ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল। মুঠ ৩১৬গৰাকী প্ৰাৰ্থীয়ে কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা আৰু তামুলপুৰ জিলাত প্ৰতিদ্বন্দিতা কৰিছিল। যোৱা নিৰ্বাচনত ইউপিপিএল-বিজেপি জোঁটবন্ধনে BPFৰ পৰা ক্ষমতা কাঢ়ি লৈছিল। ২০০৩ চনত BTC গঠন হোৱাৰ পৰাই ক্ষমতাত থকা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলটোৱে ১৮খন আসনত জয়লাভ কৰিও বৃহত্তম দল হিচাপে থাকি বিৰোধীত পৰিণত হৈছিল।