৪১ বছৰৰ পাছত প্রথমবাৰলৈ এছিয়া কাপৰ ফাইনেলত ভাৰত–পাকিস্তান
🔹 ছুপাৰ ফ’ৰত বাংলাদেশক পৰাস্ত কৰি খিতাপ যুঁজলৈ ছলমান আঘাৰ পাক দল
নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : এছিয়া মহাদেশৰ শ্রেষ্ঠত্বৰ বাবে যুঁজ হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ মাজত৷ দেওবাৰে খিতাপ দখলৰ মেচখনত আকৌ এবাৰ মুখামুখি হ’ব দুই প্রতিৱেশী ৰাষ্ট্র৷
চলিত এছিয়া কাপৰ বৃহস্পতিবাৰে হৈ যোৱা ছুপাৰ ফ’ৰৰ বিজয় অপৰিহার্য মেচখনত পাকিস্তানে বাংলাদেশক ১১ ৰানত পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰে৷ সুদীর্ঘ ৪১ বছৰৰ পাছত প্রথমবাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান৷ চলিত এছিয়া কাপত তৃতীয়বাৰৰ বাবে মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী দল দুটা৷ ইতিমধ্যে হৈ যোৱা দুয়োখন মেচতে টীম ইণ্ডিয়াই পাকিস্তানক পৰাস্ত কৰিছে৷ দেওবাৰে ডুবাই আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত পুনৰ মুখামুখি হ’ব সূর্যকুমাৰৰ ভাৰত আৰু ছলমান আঘাৰ পাকিস্তান৷ ক্রিকেটৰ ইতিহাসত এতিয়ালৈকে ভাৰত আৰু পাকিস্তানে বহুজাতিক প্রতিযোগিতাৰ ফাইনেলত পাঁচবাৰ মুখামুখি হৈছে৷ অৱশ্যে ইয়াৰে তিনিবাৰ পাকিস্তানে জয়লাভ কৰাৰ বিপৰীতে ভাৰতে দুবাৰহে বিজয় সাব্যস্ত কৰিছে৷
১৯৮৫ চনৰ বেনছন এণ্ড হেজেছ ৱর্ল্ড চেম্পিয়নশ্বিপৰ ফাইনেলত প্রথমবাৰৰ বাবে দুয়োটা দল মুখামুখি হৈছিল আৰু মেচখনত ভাৰতীয় দলটোৱে আঠ উইকেটত পাকিস্তানক পৰাস্ত কৰিছিল৷ আনহাতে ২০১৭ চনৰ চেম্পিয়নছ ট্রফীৰ ফাইনেলত অন্তিমবাৰৰ বাবে দুয়োটা দল মুখামুখি হৈছিল আৰু মেচখনত পাকিস্তানে ভাৰতক ১৮০ ৰানত পৰাজিত কৰিছিল৷ চলিত এছিয়া কাপত টীম ইণ্ডিয়াই পাকিস্তানৰ বিৰুদ্ধে জয়ৰ হেটট্রিক কৰাৰ সুযোগ লাভ কৰিছে৷ গ্রুপ পর্যায়ৰ লগতে ছুপাৰ ফ’ৰৰ মেচত পাকিস্তানক বিধ্বস্ত কৰা সূর্যকুমাৰ বাহিনীয়ে দেওবাৰে হ’বলগীয়া ফাইনেল মেচখনতো চিৰপ্রতিদ্বন্দ্বী দলটোক পৰাস্ত কৰিব পাৰিব বুলি আশাবাদী ভাৰতীয় অনুৰাগী৷
ইফালে, পৰহি নিশাৰ ছুপাৰ ফ’ৰৰ মেচখনত পাকিস্তানে বাংলাদেশক মাত্র ১১ ৰানত পৰাস্ত কৰি ফাইনেল খেলাৰ সুযোগ লাভ কৰে৷ মেচখনত পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া ১৩৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১২৪ ৰানহে কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূর্বে প্রথমে বেট ধৰি পাকিস্তানে নির্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ১৩৫ ৰান সংগ্রহ কৰিছিল৷