ঔষধত ১০০ শতাংশ শুল্ক আৰোপ মার্কিন ৰাষ্ট্রপতিৰ
🔹 ভাৰতৰ ওপৰত পুনৰ মাধমাৰ ট্রাম্পৰ
নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : ভাৰতৰ ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ অত্যাৱশ্যকীয় সামগ্রীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপৰ পাছত ভাৰতৰ ওপৰত আন এক মাধমাৰ শোধাইছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷
আমেৰিকাই ঘৰুৱা সামগ্রীৰ ওপৰত ৫০ শতাংশ, আচবাবৰ ওপৰত ৩০ শতাংশ আৰু মালবাহী ট্রাকৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে৷ সংশ্লিষ্ট সামগ্রীসমূহ আমেৰিকাত প্রস্তুত কৰিবলৈও দাবী জনাইছে মার্কিন প্রশাসনে৷ ইয়াৰ পৰিপ্রেক্ষিতত ভাৰতীয় ঔষধ প্রস্তুত কৰা কোম্পানীসমূহ বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে৷
ট্রাম্পে ছ’চিয়েল মিডিয়াযোগে ১ অক্টোবৰৰ পৰা নতুন কোম্পানীৰ ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপৰ কথা ঘোষণা কৰে৷ যদিহে এই কোম্পানীসমূহে আমেৰিকাৰ মাটিত উৎপাদন আৰম্ভ নকৰে তেন্তে তেওঁলোকে সেই শুল্কৰ বোজা বহন কৰিব লাগিব৷ ট্রাম্পে অৱশ্যে কেৱল ভাৰতৰ ক্ষেত্রতে নহয়, ঔষধ ৰপ্তানি কৰা প্রতিখন দেশৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপৰ কথা সদৰী কৰিছে৷
মন কৰিবলগীয়া যে ভাৰতৰ পৰা আমেৰিকালৈ বৃহৎ পৰিমাণৰ ঔষধ ৰপ্তানি হয়৷ এনে পৰিপ্রেক্ষিতত অত্যধিক শুল্কই স্বাভাৱিকতে ৰপ্তানিকাৰীক বিপদত পেলাব৷ ৰাষ্ট্রপতি ট্রাম্পে কয় যে আমেৰিকাৰ বজাৰখন বিদেশী সামগ্রীৰে উপচি পৰিছে৷ ৰাষ্ট্রীয় নিৰাপত্তা আৰু স্বার্থৰ প্রতি লক্ষ্য ৰাখি এই ধাৰা বন্ধ হ’ব লাগে৷ আমদানিৰ পৰিৱর্তে সকলো সামগ্রী আমেৰিকাত নির্মাণ কৰিলেহে ৰাষ্ট্রীয় নিৰাপত্তা নিশ্চিত হ’ব৷ ইফালে, আমেৰিকাৰ অত্যধিক শুল্কই ভাৰতৰ বজাৰত ভয়ংকৰ প্রভাৱ পেলাইছে৷ কাপোৰ প্রস্তুত কৰা খণ্ড সর্বাধিক প্রভাৱিত হৈছে৷