🔹 উৎসৱৰ বতৰত জিএছটি হ্রাসৰ ইতিবাচক ফল
নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : ২২ ছেপ্টেম্বৰত সংশোধিত জিএছটিৰ হাৰ বলৱতৰ পিছতে ভাৰতৰ বজাৰত ব্যাপক লেনদেন হোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ উৎসৱৰ বতৰত এদিনতে ক্রেডিট কার্ডেৰে ১০ হাজাৰ কোটি টকাৰো অধিক অনলাইন শ্বপিং সম্পন্ন হোৱাৰ তথ্য প্রকাশ কৰিছে ৰিজার্ভ বেংকে৷
আৰবিআয়ে প্রদান কৰা তথ্য অনুসৰি, নতুন জিএছটিৰ হাৰ কার্যকৰী হোৱাৰ দিনা ক্রেডিট কার্ড ব্যৱহাৰকাৰীয়ে ১০,৪১১ কোটি টকাৰ অনলাইন শ্বপিং কৰে৷ ইয়াৰ আগদিনা দেশত ক্রেডিট কার্ডেৰে কেৱল ১,৫১৪ কোটি টকাহে অনলাইনযোগে সামগ্রী ক্রয় কৰিছিল ক্রেতাই৷ ইফালে, মঙলবাৰে ডেবিট কার্ড, ক্রেডিট কার্ড আৰু ইউপিআইৰ জৰিয়তে সর্বমুঠ ৮২,৪৭৭ কোটি টকাৰ লেনদেন হোৱা বুলিও আৰবিআয়ে প্রকাশ কৰিছে৷