বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰ : বিহাৰৰ পাটনাত অৱস্থিত জ্ঞান ভৱনত অব্যাহত থকা সাহিত্য অকাডেমি আৰু ভাৰত চৰকাৰৰ উদ্যোগত, বিহাৰ চৰকাৰৰ সহযোগত আয়োজিত আন্তৰ্জাতিক সাহিত্য সমাৰোহত সাহিত্যিক তথা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতিপ্ৰসাদ শইকীয়াৰ উপন্যাস “Dawn’s Secret Glow” শীৰ্ষক উপন্যাসখন আজি উন্মোচন কৰে সাহিত্য অকাডেমিৰ সভাপতি তথা বিখ্যাত কবি, সাহিত্যিক মাধৱ কৌশিকে।
নতুন প্ৰজন্মৰ স্তম্ভ লেখক বেদাংগ চুতীয়াই ইংৰাজী ভাষালৈ অনুবাদ কৰা গ্ৰন্থখন প্ৰকাশ কৰে ভাৰতৰ আগশাৰীৰ প্ৰকাশক ডি ভি এছ প্ৰকাশক গোষ্ঠীয়ে। পুৰুষক কৰা অত্যাচাৰ, শোষণ আৰু নিষ্পেষণক আধাৰ হিচাপে এটা শক্তিশালী কাহিনীৰে ৰচনা কৰা উপন্যাস “ৰ’দ পুৱাবনো ক’ত”ৰ ইংৰাজী অনুবাদ “Dawan’s Secret Glow”খন সকলোকে পঢ়িবৰ বাবে উন্মোচক মাধৱ কৌশিকে আহ্বান জনায়।
ড০ জ্যোতিপ্ৰসাদ শইকীয়া এগৰাকী সমাজ সচেতক সাহিত্যিক হিচাপে ইতিমধ্যেই সামগ্ৰ দেশত পৰিচিত। তেওঁ ৰচনা কৰা গল্প, উপন্যাস, গীত, কবিতা, নাটক আদি পাঠকে আদৰি লোৱাৰ লগতে বিভিন্ন ভাষালৈও অনুবাদ হৈছে। গ্ৰন্থ উন্মোচনৰ সময়ত দেশৰ বিখ্যাত কবি, সাহিত্যিক বড়ৰি নাৰায়ণ, মনমোহন, এছ ভি সত্যনাৰায়ণ, এইচ এছ শিৱপ্ৰকাশ আৰু অভিৰাজ ৰাজেন্দ্ৰ মিশ্ৰ বিশেষভাৱে উপস্থিত থাকে। কবিতা আৰু গীতৰ পার্থক্য সন্দৰ্ভত চিন্তাকৰ্ষক আৰু মনোগ্ৰাহী বক্তব্য দাঙি ধৰা অতিথিসকলে সাহিত্যিক ড০ জ্যোতিপ্ৰসাদ শইকীয়াক অভিনন্দন জনায় আৰু পৰৱৰ্তী সময়ত নতুন নতুন সৃষ্টিৰ বাবে শুভেচ্ছা জনায়। অসমৰ বিশিষ্ট চিন্তাবিদ, সাহিত্যিক ড০ প্রদীপ জ্যোতি মহন্ত, দিগন্ত বিশ্ব শৰ্মাৰ লগতে দেশ-বিদেশৰ বহুসংখ্যক প্ৰতিষ্ঠিত সাহিত্যিক গ্ৰন্থখন উন্মোচনৰ সাক্ষী হয়।