নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতাৰ ধৈৰ্যৰ সৈতে খেলা নকৰিব : শ্যামকানু-সিদ্ধাৰ্থক সকীয়নি মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাক লৈ ৰাজ্যবাসী গুজৰি-গুমৰি আছে। হিয়াৰ আমঠু শিল্পীগৰাকীৰ দেহাৱসানৰ পিছত শিল্পীগৰাকীক নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰলৈ নিয়া শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যৰ জনতা ক্ষোভত ফাটি পৰিছে। সকলোৰে মুখে মুখে এটাই কথা- কেনেকৈ ইমান অৱহেলা কৰিব পাৰে প্ৰাণৰ শিল্পীগৰাকীক। ইয়াৰ মাজতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভযোগে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ৬ অক্টোবৰৰ ভিতৰত CIDৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ সকীয়নি দিয়ে।

ফেচবুক লাইভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- ৬ বছৰ পূৰ্বেই মই কৈছিলোঁ যে জুবিনক বিপথে পৰিচালিত কৰাৰ ক্ষেত্ৰত তেওঁৰ আশে-পাশে লাগি থকা একাংশ মানুহ জড়িত হৈ আছে। জুবিন গাৰ্গৰ জীৱনৰ বহু ঘটনা-পৰিঘটনাৰ মই সাক্ষী হৈ আছিলোঁ। মুখ্যমন্ত্ৰী ড০ শৰ্মাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক সকীয়নি দি কয় যে জনতাৰ ধৈৰ্যৰ সৈতে খেলা নকৰিব। ৬ অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছোঁ। ফেচবুকত পত্র লিখি, LIVE দি জনতাৰ পৰা সাৰি যাব নোৱাৰিব। CIDক যদি ক’ব বিচৰা নাই, ন্যায়ালয়ত কওক। ৰাইজৰ ক্ষোভৰ সৈতে খেলা নকৰিব। আইনে আইনৰ মাজেৰে গতি কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ প্রতিটো ঘটনা আপোনালোকে তন্নতন্নকৈ ক’ব লাগিব। আইনৰ পৰা দূৰত থাকিলে চৰকাৰে ব্যৱস্থা নল’ব বুলি কেতিয়াও নাভাবিব। এইখন চৰকাৰে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত শিৰনত নকৰে বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু কয়- জুবিন গাৰ্গক ন্যায় প্রদানৰ ক্ষেত্রত মই ৰাইজতকৈ পৃথক নহয়। সেই দায়িত্ব আৰু কৰ্তব্য মই দায়বদ্ধতাৰে পালন কৰিম।

সামাজিক মাধ্যমত বৰ্তমান চলি থকা এক প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- এইখন জুবিনৰ অসম। যিকোনো কাৰণতে অসমক নেপাল হ’বলৈ দিয়া নহ’ব। আমি মহাৰাজ পৃথুৰ উদাহৰণ দিম, ভগদত্তৰ উদাহৰণ দিম। আমি নেপালৰ উদাহৰণ নিদিওঁ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত কিছুমানে আন্দোলন কৰিছে। এইক্ষেত্ৰত জুবিন গাৰ্গৰ নামত চৰকাৰবিৰোধী ৰাজনীতি হ’ব নোৱাৰে। জুবিন গাৰ্গৰ নামত অসমখন নেপাল হ’ব দিব নোৱাৰোঁ। এই কামে জুবিনৰ আত্মাক কষ্ট দিব। ৰাইজক আইন হাতত তুলি নল’বলৈও আহ্বান জনায় মুখ্যমন্ত্রীয়ে।

তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন ছিংগাপুৰৰ পৰা অনাৰ চেষ্টা কৰা হৈছে। GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সাজু হৈছে। যদি কিবা কাৰণত আৰক্ষীৰ তদন্তত সফলতা পোৱা নাযায় তেন্তে তদন্তৰ দায়িত্ব CBIলৈ হস্তান্তৰ কৰা হ’‍ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে শ্যামকানু মহন্তৰ সকলো বেংক একাউণ্ট ফ্রীজ কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

You might also like