নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বর্ণ জয়েৰে ইতিহাস ৰচিলে বাহুবিহীন শীতল দেৱীয়ে

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : পেৰা বিশ্ব আর্চাৰী চেম্পিয়নশ্বিপত স্বর্ণপদক জয় কৰি ইতিহাস গঢ়িলে ভাৰতৰ ১৮ বছৰীয়া বাহুবিহীন আর্চাৰ শীতল দেৱীয়ে৷

দক্ষিণ কোৰিয়াৰ গাংঝুত চলি থকা প্রতিযোগিতাখনৰ মহিলাৰ কম্পাউণ্ডৰ ব্যক্তিগত শাখাত স্বর্ণ জয় কৰি শীতল দেৱীয়ে প্রথমগৰাকী বাহুবিহীন মহিলা আর্চাৰ হিচাপে ইতিহাস ৰচনা কৰে৷ শীতলে বিশ্বৰ শীর্ষ বাছনিৰ খেলুৱৈ তুৰস্কৰ অজনুৰ কুৰ গির্দিক ১৪৬–১৪৩ পইণ্টত পৰাস্ত কৰি ঐতিহাসিক স্বর্ণপদক জয় কৰে৷

চলিত প্রতিযোগিতাখনত একমাত্র বাহুবিহীন আর্চাৰ হিচাপে অংশগ্রহণ কৰা শীতল দেৱীৰ প্রতিযোগিতাখনত এয়া আছিল তৃতীয়টো পদক৷ ইয়াৰ পূর্বে ১৮ বছৰীয়া শীতলে তমন কুমাৰৰ সৈতে যুটি বান্ধি কম্পাউণ্ড মিক্সড ইভেণ্টত ব্রঞ্জ আৰু সৰিতাৰ সৈতে যুটি বান্ধি কম্পাউণ্ড মহিলাৰ দলীয় ইভেণ্টত ৰূপৰ পদক লাভ কৰিছিল৷

মন কৰিবলগীয়া যে শীতল দেৱীৰ পূর্বে ২০২২ চনত ডুবাইত অনুষ্ঠিত পেৰা বিশ্ব আর্চাৰী চেম্পিয়নশ্বিপত আমেৰিকাৰ মেট ষ্টুটজমেনে বাহুবিহীন আর্চাৰ হিচাপে স্বর্ণ পদক জয় কৰিছিল৷ উল্লেখ্য যে পেৰিছ পেৰালিম্পিকত শীতল দেৱীয়ে ব্রঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল৷

You might also like