নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বইটামাৰীত ৰজাদিনীয়া দুৰ্গাপূজা আৰম্ভ

🔹 জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বাতিল বিনোদনমূলক কাৰ্যসূচী
নিয়মীয়া বাৰ্তা,  ২৮ ছেপ্টেম্বৰ : বৃহত্তৰ বইটামাৰী অঞ্চলৰ ৰঘুনন্দনপুৰৰ ৩২২ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ ৰজাদিনীয়া দুৰ্গাপূজাখন আজিৰে পৰা পৰম্পৰাগত প্ৰথাৰে আৰম্ভ হৈছে। আজি ষষ্ঠীৰ বেদীত দশভূজা দুৰ্গা দেৱীৰ অধিবাস আৰু আমন্ত্ৰণ অনুষ্ঠিত হোৱাৰ লগতে কল্পাৰম্ভ আৰু বেলবৰণ সম্পন্ন হয়। এই ঐতিহ্যমণ্ডিত পূজাখনৰ বৈশিষ্ট্য হ’ল তামসিকতা তথা বলি বিধানৰ সলনি সম্পূৰ্ণ স্বাত্তিক প্ৰথাৰে দেৱীৰ আৰাধনা সম্পন্ন হৈ আহিছে।

প্ৰবাদ অনুসৰি কোচ ৰজাই সংস্কৃত শিক্ষা প্ৰসাৰৰ বাবে নদীয়াৰ পৰা অনা ৰঘুপতি ভট্টাচাৰ্য নামৰ এগৰাকী ব্ৰাহ্মণ পণ্ডিতক বইটামাৰীৰ এই অঞ্চলত থাকিবলৈ দি দুৰ্গাপূজা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল। ৰজাৰ আদেশ মতে পণ্ডিতগৰাকীয়ে পূজাখন অনুষ্ঠিত কৰিছিল আৰু পিছত তেওঁৰ নামেৰে গাঁওখনৰ নাম ৰঘুনন্দনপুৰ হিচাপে পৰিচিত হয়।

আন এক জনশ্ৰুতি মতে, বিশ্ব মহাবীৰ চিলাৰায়ৰ পুত্ৰৰ নাম আছিল ৰঘুদেৱ। এই ৰঘুদেৱৰে কোনোবা এগৰাকী পুত্ৰই (নন্দন) এই পূজাখন অনুষ্ঠিত কৰিছিল। পিছত তেওঁৰ নামেৰে গাঁওখনৰো নাম ৰঘুনন্দনপুৰ হয়। ইপিনে, জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পৰিপ্ৰেক্ষিতত হিয়াৰ আমঠু শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই পূজা মেলাৰ পূৰ্ব নিৰ্ধাৰিত সাংস্কৃতিক সন্ধিয়া আৰু যাত্ৰা অভিনয় কাৰ্যসূচী বাতিল কৰিছে । লগতে আজি মৰমৰ শিল্পীগৰাকীৰ সোঁৱৰণত ৫২ জোপা নাহৰ গছৰ পুলি ৰোপণ কৰে সমিতিয়ে।

পূজা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, শংখধ্বনি আৰু আৰতি প্ৰতিযোগিতা, আইনাম, নাগাৰা নাম আৰু দশমীৰ দিনলৈ ধৰ্মীয় কাৰ্যসূচীসমূহ অনুষ্ঠিত হ’ব। সমিতিখনে সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে।

You might also like