নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিত্তীয় অনিয়মক লৈ শ্যামকানু মহন্ত-ৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু SIT-ৰ

বিত্তীয় অনিয়মক লৈ শ্যামকানু মহন্ত-ৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু এছআইটিৰ

অসমীয়াৰ আৱেগ জুবিন গার্গৰ অনাকাংক্ষিত মৃত্যুৰ পাছত ৰাজ্যজুৰি ৰাইজে কঠোৰ তদন্তৰ দাবী তোলাৰ সময়তে মৃত্যুৰ তদন্তৰ সমান্তৰালকৈ দালাল শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ বিৰুদ্ধে পৃথকে বিত্তীয় কেলেংকাৰিৰ তদন্ত চলাবলৈ সাজু হৈছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ, চমুকৈ চিআইডি৷

শিল্পীগৰাকীৰ অনাকাংক্ষিত মৃত্যুক লৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী গোট গঠন কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে চিআইডিয়ে বিত্তীয় কেলেংকাৰিক লৈ পৃথকে তদন্ত আৰম্ভ কৰিছে৷ প্রয়াত শিল্পীগৰাকীক বিভিন্ন সময়ত কেৱল পণ্য হিচাপে ব্যৱহাৰ কৰি নিজৰ মুনাফা অর্জনৰ বাবে দালাল শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মাই ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছিল৷

মৃত্যুৰ আগমুহূর্তলৈকে শিল্পীগৰাকীৰ সকলো আয়ৰ ওপৰত নজৰ ৰখা মেনেজাৰ সিদ্ধার্থ শর্মাক এই তদন্তৰ আওতালৈ অনা হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে শিল্পীগৰাকীৰ পৰিয়ালে দীর্ঘদিনীয়া বিৰতিৰ অন্তত ৰহস্যজনক মৃত্যুক লৈ চিআইডিৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিল৷ শিল্পীগৰাকীৰ সহধর্মিণী গৰিমা শইকীয়া গার্গ, ভগ্ণী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰে উক্ত এজাহাৰত স্বাক্ষৰ কৰিছিল৷

পৰিয়ালৰ লোকে ছিংগাপুৰত শিল্পীগৰাকীৰ সৈতে থকা প্রতিজন লোকৰ বিৰুদ্ধে এজাহাৰখন দাখিল কৰিছিল৷ তাৰ পিছতে আজি চিআইডিয়ে শিল্পীগৰাকীৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ সৈতে বিত্তীয় কেলেংকাৰিৰ দিশটোৰ ওপৰতো আৰম্ভ কৰা তদন্তই বিশেষ তাৎপর্য বহন কৰিছে৷

মন কৰিবলগীয়া যে সমগ্র ঘটনাটোত নর্থ–ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ ওপৰত ৰাইজে আঙুলি টোঁৱাইছে৷ অসম আৰক্ষীৰ প্রাক্তন সঞ্চালকপ্রধান তথা অসম ৰাজ্যিক তথ্য আয়োগৰ বর্তমানৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ননীগোপাল মহন্তৰ কনিষ্ঠ ভাতৃ শ্যামকানু মহন্তই নিজৰ কোম্পানী ট্রেণ্ড এমএমএছৰ জৰিয়তে বিগত কেইবাবছৰ ধৰি অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্রতিষ্ঠাৰ নামত ৰাজ্য–কেন্দ্রীয় চৰকাৰৰ পৰা বৃহৎ পৰিমাণৰ অনুদান সংগ্রহ কৰি অনুষ্ঠান পাতি আহিছে৷

কেইবাবাৰো বিদেশত অনুষ্ঠান পতা শ্যামকানু মহন্তই বহু সময়ত জালিয়াতিৰে বিভিন্ন উৎসৰ পৰা ধন সংগ্রহ কৰাৰো অভিযোগ উঠিছিল৷ শেহতীয়াকৈ এছআইটিয়ে শ্যামকানু মহন্তৰ গীতানগৰৰ কার্বি পথত থকা বাসগৃহত দুদিন অভিযান চলাই বহুসংখ্যক নথিপত্র জব্দ কৰিছে৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, জব্দকৃত এই সামগ্রীসমূহৰ ভিতৰত এখন ফার্মৰ নামতে কেইবাখনো পান কার্ড থকাৰ তথ্য লাভ কৰিছে৷

তদুপৰি বিভিন্ন কোম্পানীৰ ৩০টাকৈ ছীল–মোহৰ জব্দ কৰাৰ লগতে চৰকাৰী বহু শীর্ষ বিষয়াৰ সৈতে জড়িত কেইবাবিধো নথি তদন্তৰ সময়ছোৱাত এছআইটিয়ে জব্দ কৰিছে৷ এই সন্দর্ভত চিআইডিৰ জ্যেষ্ঠ বিষয়াই এখন বিস্তৃত প্রতিবেদন প্রস্তুত কৰি অনুসন্ধানকাৰী সংস্থাটোৰ মুখ্য কার্যালয়লৈ প্রেৰণ কৰিছে৷ কালি নিশা এই সন্দর্ভত চিআইডিয়ে এটা পৃথক গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেইবাটাও ধাৰা গোচৰটোত সংলগ্ণ কৰিছে৷

সূত্রটোৱে সদৰী কৰা মতে, শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ বাসভৱনত চলোৱা তালাচীৰ অন্তত লাভ কৰা নথিপত্রসমূহত বহু গুৰুতৰ বিত্তীয় কেলেংকাৰি আৰু জালিয়াতিৰ সম্ভেদ ইতিমধ্যে তদন্তকাৰী দলটোৱে লাভ কৰিছিল৷ শিল্পীগৰাকীক মুখ্য আকর্ষণ হিচাপে লৈ বিভিন্ন সময়ত দালাল শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধার্থ শর্মাই বহু ধন জালিয়াতিৰে সংগ্রহ কৰিছিল৷

অথচ আপোনভোলা শিল্পীগৰাকীয়ে এই সন্দর্ভত কোনো খবৰেই গম পোৱা নাছিল৷ এনেধৰণৰ তথ্যসমূহে দৃঢ়ভাৱে দুয়োজন অভিযুক্তই যে বিত্তীয় কেলেংকাৰিত জড়িত আছিল সেই কথাই প্রমাণ কৰে বুলি মন্তব্য কৰি সূত্রটোৱে পিএমএলএ আইনৰ অধীনতো তদন্ত অনুসন্ধানকাৰী সংস্থাটোৱে চলাব বুলি মন্তব্য কৰে৷ ইয়াৰ বাহিৰেও দালাল শ্যামকানু মহন্তৰ বাসভৱন আৰু কার্যালয়ৰ পৰা অনুসন্ধানকাৰী সংস্থাটোৱে অসমৰ লগতে অৰুণাচল প্রদেশত পিএমজিএছৱাই আঁচনিৰ অধীনত বহু পথ নির্মাণ কৰা ঠিকাৰ তথ্যও লাভ কৰিছিল৷

তদন্তৰ খাতিৰত বর্তমানেও সূত্রটোৱে সকলো তথ্য সদৰী কৰা নাই যদিও শ্যামকানু মহন্তৰ সকলো সম্পত্তি, বেংক একাউণ্ট, কোম্পানীৰ সবিশেষ আৰু লেনদেনৰ সকলো তথ্য অনুসন্ধানকাৰী সংস্থাটোৱে সংগ্রহ কৰিছে বুলি মন্তব্য কৰিছে সূত্রটোৱে৷ তদন্তৰ স্বার্থত শ্যামকানু মহন্তৰ লগতে শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰো ৮টাকৈ বেংক একাউণ্ট আৰক্ষীয়ে ছীল কৰি সবিশেষ তথ্য দিয়াৰ বাবে বেংক কর্তৃপক্ষলৈ পত্র প্রেৰণ কৰিছে৷

মুঠৰ ওপৰত শিল্পীগৰাকীৰ অকাল মৃত্যুৰ সৈতে ধনৰ লেনদেনৰ কিবা যোগসূত্র আছে নেকি সেই সন্দর্ভতো এতিয়া বিস্তৃত তদন্ত কৰিব চিআইডিৰ লগতে বিশেষ তদন্তকাৰী গোটে৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২৯ ছেপ্টেম্বৰ

You might also like