আজি মহাসপ্তমী… জুবিনবিহীন উকা প্রথমটো শাৰদ সন্ধ্যা
আজি মহাসপ্তমী
ঢাক নহয়, এইবাৰ মায়াৱিনীৰে মুখৰ হৈছে ৰাজ্যৰ দুর্গা পূজাথলীসমূহ
আমন্ত্রণ–বোধন–অধিবাসেৰে ষষ্ঠীৰ বেদীত প্রতিষ্ঠা দেৱী
নির্মল আকাশত শুকুলা মেঘৰ মাদল বজাই–মনত ময়ূৰৰ নাচোন তুলি আকৌ আহিছে ঋতুৰাণী শৰৎ৷ সদ্যস্নাতা ‘শাৰদী’ক আদৰিবলৈ আত্মবিভোৰ প্রকৃতি৷ প্রাণৰ শিল্পীক চিৰদিনলৈ হেৰুওৱাৰ কাল–ধুমুহাজাকে থানবান কৰি যোৱা অসমীয়াৰ পৰিশ্রান্ত মন–মগজু কিছু হ’লেও যেন প্রগলভা৷
ঠিক অমৃতকণ্ঠই কৈ যোৱাৰ দৰে– শৰৎ মোৰ অনিদ্রা/কেতিয়াবা জড়তা/কেতিয়াবা নিঃস্বতা/কিন্তু তাৰ মাজতো যেতিয়া শৰৎ আহে/মই কথা কওঁ…গান গাওঁ, কবিতা হওঁ…/কেৱল তোমাৰ দুচকুৰ বাবে…৷৷ হয়, শৰৎ মানেই দুর্গতিনাশিনী দেৱী দুর্গাৰ অকালবোধন৷ মোহনীয় শাৰদ সন্ধ্যাৰ ষষ্ঠীৰ বেদীত মহিষমর্দিনীৰ আমন্ত্রণ–বোধন–অধিবাস৷
চৌপাশে দেৱসুৰৰ মন্ত্রোধ্বনি– ওম মহিষাগ্ণি মহামায়া চামুণ্ডে মুণ্ডমালিনী, আয়ুৰ আৰোগ্য বিজয়ং দেহি দেৱী নমস্তুতে, ওম হ্রীং দুর্গায়ে নমঃ…৷
প্রিয় শিল্পীক হেৰুওৱাৰ বেদনাৰ মাজতো সংগোপনে আহিছে শৰৎ৷ লৈ আহিছে শাৰদীয় দুর্গোৎসৱৰ বতৰা৷ অৱশ্যে অইনবাৰৰ দৰে এইবাৰ শাৰদীয় বতৰ উছাহপূর্ণ নহয়৷ অসমীয়াৰ আৱেগ জুবিন গার্গৰ আদ্যশ্রাদ্ধৰ মাজতেই শাৰদীয় উৎসৱ আৰম্ভ হৈছে৷
ষষ্ঠীৰ বেদীত দেৱী দশভুজাৰ প্রাণ প্রতিষ্ঠাৰ লগে লগে শাৰদীয় দুর্গোৎসৱৰ আৰম্ভণি ঘটিল৷ দেৱীৰ কল্পাৰম্ভ, বেলবৰণ, আমন্ত্রণ আৰু অধিবাসৰ মাজেৰে বেদীত প্রতিষ্ঠা হ’ল দেৱী দুর্গাক৷ দৈৱগ্যৰ মতে, এইবাৰ হাতীত আগমন হৈছে দেৱী দুর্গাৰ৷ ফল, শস্য–শ্যামলা পৃথিৱী৷
মোহময়ী শাৰদ সনধ্যা দেৱীৰ আমন্ত্রণ–বোধন–ধি সম্পন্ন হোৱাৰ পাছতে ষষ্ঠীৰ যথাবিহিত পূজা–অর্চনা আগবঢ়োৱা হয়৷ মহাসপ্তমীত দৈৱজ্ঞৰ মতে, পুৱাৰ পৰা কাইলৈ দেৱী দুর্গাৰ নৱপত্রিকা প্রৱেশ আৰু স্থাপনৰ পাছতেই পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব যথাবিহিত দুর্গাপূজা৷
ৰাজ্যৰ প্রান্তে প্রান্তে আয়োজন কৰা দুর্গাপূজাসমূহৰ উপৰি স্থায়ী শক্তিপীঠসমূহতো ব্যাপক আয়োজনেৰে মহাসপ্তমীৰ শক্তিৰূপী দেৱী দুর্গাৰ পূজা–অর্চনা অনুষ্ঠিত হ’ব৷ ঠাইবিশেষে বিভিন্ন দেৱালয়ত ধর্মীয় পৰম্পৰা ৰক্ষা কৰি বলি–বিধানেৰে দেৱীক আৰাধনা কৰা হ’ব৷
সপ্তমী আৰু অষ্টমীৰ লগতে নৱমীৰ দিনাও ছাগলী, পাৰ, কোমোৰা, কুঁহিয়াৰ, ম’হ আদি বলিৰে দেৱী দুর্গাক ৰাইজে পূজা আগবঢ়াব৷ দিনৰ দুই বজাত সপ্তমী পূজাৰ সামৰণি ঘটিব৷ শাৰদীয় দুর্গোৎসৱে প্রতিবাৰেই ৰাজ্যজুৰি ৰাইজৰ মনলৈ কঢ়িয়াই আনে আনন্দৰ বতৰা৷ কিন্তু এইবাৰ যেন শাৰদীয় দুর্গোৎসৱ পূর্বৰ তুলনাত কিছু পৃথক হ’ব৷
কিয়নো প্রিয় শিল্পীৰ মৃত্যুৱে শাৰদীয় বতৰৰ সকলো উছাহক ম্লান পেলালে৷ জুবিনবিহীন অসমত আজি শাৰদীয় বতৰৰো কোনো অস্তিত্ব নাই৷ বহু পূজা সমিতিয়ে এইবাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল৷ কিন্তু প্রিয় শিল্পীগৰাকীৰ অকাল বিয়োগৰ বাবে বহু সমিতিয়ে উক্ত অনুষ্ঠানসমূহ বাতিল কৰি কেৱল বৈদিক ৰীতি–নীতিহে পালন কৰিব বুলি সদৰী কৰিছে৷
সেয়েহে কেৱল ধর্মীয় ৰীতি–নীতি পালনৰ বাবে ৰাইজে দেৱীৰ চৰণত মূৰ দোৱাব৷ জুবিনবিহীন অসমৰ প্রথমটো শাৰদীয় বতৰত এইবাৰ ঢ়াক নহয়, মায়াৱিনীৰে মুখৰ হৈছে ৰাজ্যৰ দুর্গাপূজাথলীসমূহ৷ বহু পূজা সমিতিয়ে আনবাৰৰ দৰে আকর্ষণীয় ৰূপত পূজা মণ্ডপ গঢ়ি তুলিছিল৷ প্রিয় শিল্পীৰ মৃত্যুৰ পাছতে বাহ্যিক আকর্ষণ বাতিল কৰি কেৱল শিল্পীগৰাকীক সন্মান জনোৱাৰ বাবেই বহু নতুন কার্যসূচী হাতত লৈছে৷
সাধাৰণতে ঢাকৰ মূর্চনাই দুর্গাপূজাত এক নতুনত্ব আনে৷ কিন্তু জাতিটোৰ আৱেগক হেৰুৱাই অসমীয়াই আজি হৈ পৰিছে স্তব্ধ৷ সেইবাবেই ঢ়াক তথা দেৱীৰ আৱাহনী মন্ত্রৰ বিপৰীতে প্রিয় শিল্পীৰ ‘মায়াৱিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি…’ গীতেৰে মুখৰ হৈছে ৰাজ্যৰ প্রতিখন পূজাথলী৷ দেৱী দুর্গাৰ মৃণ্ময় মূর্তিৰ লগতে প্রিয় শিল্পীৰ প্রতিচ্ছবি পূজা মণ্ডপত সশ্রদ্ধভাৱে স্থাপন কৰি ৰাইজে শ্রদ্ধা জনাই দেৱী দুর্গাক আবেদন জনাইছে মহান শিল্পীগৰাকীৰ আত্মাই যাতে সৰগত স্থান লাভ কৰে৷
ধৰালৈ পুনৰ মৰমৰ জুবিন গার্গ হৈ তেওঁ উভতি আহক– এয়াই শাৰদীয় বতৰত ৰাইজে মনে–প্রাণে কামনা কৰিছে৷ ক’বলৈ গ’লে আজিৰ তাৰিখত শোকত ম্রিয়মাণ অসমীয়াৰ বাবে শাৰদীয় দুর্গোৎসৱ মাথোঁ বৈদিক ৰীতি–নীতিৰে দায়িত্ব পালনৰ এক উৎসৱহে হৈ পৰিছে৷ আঁৰত মাথোঁ আছে প্রাণৰ শিল্পীগৰাকীক অকালতে হেৰুওৱাৰ অব্যক্ত বেদনা৷ এনেদৰেই এইবাৰ শাৰদীয় দুর্গোৎসৱত মহিষমর্দিনী শক্তিৰূপী দেৱী দুর্গাক ৰাইজে আৱাহন জনাব যে প্রিয় শিল্পীগৰাকীৰ সৈতে হোৱা অন্যায়ৰ সুবিচাৰ হওক৷ মৰমৰ শিল্পীগৰাকীৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক৷
নিয়মীয়া বাৰ্তা ডেস্ক, ২৯ ছেপ্টেম্বৰ