বিশেষ বাৰ্তা, ১ অক্টোবৰ : অৱশেষত উদ্ধাৰ হ’ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মোবাইল ফোন। বিগত ১২ দিনে এই মোবাইল ফোনটো মেনেজাৰ সিদ্ধাৰ্ত শৰ্মাৰ লগত আছিল। আজি সিদ্ধাৰ্থ শৰ্মা আৰক্ষীৰ জালত পৰাৰ লগে লগে জুবিনৰ ফোনটোও উদ্ধাৰ কৰে আৰক্ষীয়ে।
উল্লেখ্যে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শোকাৱহ মৃত্যু ঘটনাৰে নাম সাঙোৰ খোৱা সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্তক আজি দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে। পিছত দুয়োজনকে গুৱাহাটীলৈ লৈ আনে চিআইডিৰ দলে। গুৱাহাটী বিমানবন্দৰৰ পৰা শ্যামকানু আৰু সিদ্ধাৰ্থক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গীতানগৰস্থিত কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনলৈ লৈ যোৱা হয়। মুখ্য ন্যায়িক দণ্ডাধীশে দুয়োকে ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে। তাৰ পৰা দুয়োকে চি আই ডিৰ কাৰ্যালয়লৈ লৈ যোৱা হয়।
এতিয়া জুবিন গাৰ্গৰ মোবাইল ফোনটোৰ পৰা আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত কি তথ্য উদঘাটন কৰে, সেয়া হ’ব লক্ষণীয়া। অৱশ্যে বিগত ১২ দিনে মোবাইল ফোনটো লগত লৈ ফুৰা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই মোবাইল ফোনটো কি পৰ্যায়ত ব্যৱহাৰ কৰিছিল, সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ ধৰা দিছে জুবিনৰ ন্যায়ৰ বাবে যুঁজি থকা জনতাৰ মাজত।