নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২ অক্টোবৰ : পোহৰলৈ আহিছে শিক্ষকৰ জঘন্য কাণ্ড। শান্তিত থাকিব নোৱাৰা হৈছে গাঁৱৰ বোৱাৰীসকল | লম্পট শিক্ষকৰ ভয়ত এতিয়া শংকিত গঞা, নিশা হ’লেই গাঁওবাসীয়ে দিয়ে পহৰা |
কামৰূপৰ ছমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ নগৰবেৰাৰ ২নং পলাহৰটাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক মেছেৰ আলীৰ বিৰুদ্ধে উত্থাপন হৈছে এনে কেতবোৰ অভিযোগ | অভিযোগ মতে, নিশা হ’লেই প্ৰধান শিক্ষকগৰাকীয়ে লোকৰ বাৰীত চোপ লৈ থাকে জীয়ৰী-বোৱাৰীক বিচাৰি | জীয়ৰী-বোৱাৰী নিশা বাহিৰলৈ ওলালেই হয় শিক্ষকগৰাকীৰ কামনাৰ বলি | পূৰ্বেও প্ৰধান শিক্ষক মেছেৰ আলীৰ বিৰুদ্ধে আছে হেনো এনে বহু অভিযোগ !
অভিযোগ মতে, পলাহৰটাৰী অঞ্চলৰ এগৰাকী মহিলাক নিশা প্ৰায় ১১ বজাত অকলে পাই ধৰ্ষণৰ চেষ্টা চলায় প্ৰধান শিক্ষক মেছেৰ আলীয়ে। মহিলাগৰাকীৰ চিঞৰ-বাখৰ শুনি স্বামী বাহিৰলৈ ওলোৱাত পলাই পত্ৰং দিয়ে শিক্ষক মেছেৰ আলীয়ে। এই কথা সদৰী কৰিলেই অপহৰণ কৰাৰ ভাবুকি দিয়ে মহিলাগৰাকীক |
ঘটনাৰ সমস্ত বিৱৰণেৰে নগৰবেৰা থানাত ভুক্তভোগীয়ে ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে যদিও সুফল পোৱা নাই | সেয়ে ৰাইজ তথা ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় আৰু প্ৰধান শিক্ষকগৰাকীৰ শাস্তিৰ দাবী জনায় | প্ৰশ্ন হয়- শিক্ষকতাৰ দৰে মহান বৃত্তিত কালিমা সনা প্ৰধান শিক্ষক মেছেৰ আলীৰ বিৰুদ্ধে আইনী ব্যৱস্থা তথা শাস্তিৰ দিহা হ’বনে ? ৰাইজ আজি সেই উত্তৰৰ অপেক্ষাত।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস