নিয়মীয়া বাৰ্তা, ভগামুখ, ২ অক্টোবৰ : শেহতীয়াকৈ আহিন মাহত জাঁজী নৈৰ বাঢ়নী পানীয়ে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত ঔগুৰি গোহাঁই গাঁও আৰু বৰমথাউৰি মিচিং গাঁৱৰ সংযোগস্থলৰ নদীখনৰ সোঁফালে থকা ৰিংবান্ধটোৰ প্ৰায় ৭০ মিটাৰ বুধবাৰে নিশা ছিঙি পেলোৱাত সম্প্ৰতি প্ৰায় ১০খন গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈছে। সম্প্ৰতি ৰাজহ চক্ৰৰ বনাই পথাৰ, গেলেকনি, কাৱৈমাৰী, অৰুণামুখ, ঔগু
ইফালে, ২ং কাৱৈমাৰী জনজাতি মধ্য ইংৰাজী বিদ্যালয়খন বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলোৱাৰ লগতে ললিতা দলে, মায়াদেৱী, ৰিমাদলে, লক্ষী মণিদলে ঘৰ পানীৰ সোঁতত উটি যায় ।স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ দুৰ্গতসকলক সাহায্য আৰু সংস্থাপনৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াৰ লগতে নিজাকৈ কিছু অৰ্থসাহায্য প্ৰদান কৰে ।