নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱৰ জন্মোৎসৱত ভক্তিৰসত বুৰ গ’ল বস্ত্ৰনগৰী শুৱালকুছি 

বিশেষ বাৰ্তা, শুৱালকুছি, ২ অক্টোবৰ : অসমীয়া ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি, নাট-ভাওনা আদি সৃষ্টি কৰি বিশ্বত সবল অসমীয়া হিচাপে প্ৰতিষ্ঠা কৰা যুগনায়ক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক জন্মজয়ন্তী বস্ত্ৰনগৰী শুৱালকুছিত চাৰিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা আৰম্ভ হৈছে ৷ শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ আৰু শ্ৰীশ্ৰীশংকৰদেৱ ধামৰ উদ্যোগত সুকীয়াকৈ অনুষ্ঠিত হোৱা গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে আজি পুৱা অনুষ্ঠিত হোৱা আই-মাতৃৰ নাম-প্ৰসংগত কেইবাশ আই-মাতৃৰ লগতে যুৱতী আৰু কিশোৰীসকলে সম্পূৰ্ণ অসমীয়া চাদৰ-মেখেলা পিন্ধি, ডিঙিত গামোচা লৈ অংশগ্ৰহণ কৰি হৰিনামৰ ধ্বনিৰে আকাশ-বতাহ মুখৰ কৰি তোলে ৷

পুৱা ৮.৩০ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰে মহাপুৰুষীয়া ধৰ্মালোচনী সভা, শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰৰ সভাপতি বিমল মেধিয়ে ৷ পতাকা উত্তোলনস্হলীত অগণন ভক্তিপ্ৰাণ লোকৰ সমাগম হয় ৷ গায়ন-বায়ন সমন্বিতে উপস্থিত সকলোৱে পতাকা উত্তোলনৰ গীত অতি সুন্দৰভাৱে পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশটো জীপাল কৰি তোলে ৷ ৯.৩০ বজাৰ পৰা আৰম্ভ হয় ৰাজপথত হৰিনাম কীৰ্তনৰ সমদল ৷ যুৱক-কিশোৰ আৰু জ্যেষ্ঠসকলে ধুতী, চেলেং আৰু গামোচা লৈ ৰাজপথৰ নাম-কীৰ্তনত অংশগ্ৰহণ কৰি সমগ্ৰ শুৱালকুছি ভক্তিৰসত বুৰাই পেলায় ৷

নামৰ দলসমূহে জগতগুৰু আমাৰে, শংকৰগুৰু আমাৰে, লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে… জয় জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ … আদি নামৰ ঘোষা গাই গাই শুৱালকুছিৰ আকাশ-বতাহ মুখৰ কৰে ৷ গৃহস্থসকলে নিজৰ নিজৰ পদূলিত নামৰ দলসমূহৰ আগত তামোল-পাণৰ শৰাই আগবঢ়াই অতি ভক্তিৰে পৰিয়ালটিৰ কুশল মংগলৰ বাবে আঁঠু লৈ সেৱা কৰা নান্দনিক দৃশ্যই সঁচাকৈয়ে সকলোকে আচৰিত কৰি তোলে ৷ এনেদৰে শুৱালকুছিৰ সকলোবোৰ পথ অতিক্ৰম কৰাৰ পিছত সকলোৱে একত্ৰিত হৈ শংকৰদেৱ মন্দিৰত নাম-প্ৰসংগত ভাগ লৈ পুনৰ হৰিনামৰ জোৱাৰ তোলে ৷ পিছত সকলোৰে মাজত নিৰ্মালি বিতৰণ কৰা হয় ৷ এনেদৰে শুৱালকুছিবাসী ৰাইজে মহাপুৰুষজনাৰ জন্ম উৎসৱত এটা দিন নাম-প্ৰসংগৰে শুৱালকুছি ভক্তিৰসত বুৰাই পেলায় ৷

সন্ধিয়া ৬ বজাত বৈৰাপুৰ নুনতোলা কৃষ্টি সংঘই বীৰনাম প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে ৷ নিশা শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰই মঞ্চায়ন কৰে গুৰুজনাৰ অমৰ সৃষ্টি “ৰুক্মিণী হৰণ“ অংকীয়া ভাওনা ৷ গুৰুজনাৰ জন্মোৎসৱৰ কাৰ্যসূচীৰ ৪ অক্টোবৰত সামৰণি পৰিব ৷ আনহাতে, পূব শুৱালকুছিৰ কৃষ্ণ মন্দিৰ আৰু গন্ধমৌৰ শংকৰ-মাধৱ ন হাটীসত্ৰতো মহাপুৰুষজনাৰ জন্মোৎসৱ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷

প্ৰেৰক দিলীপ মেধি
You might also like