নিয়মীয়া বাৰ্তা, বনগাঁও, ৩ অক্টোবৰ : মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত গোসাঁইবাৰী গাঁৱত আজি পুৱতি নিশা প্ৰায় ২:৩০ বজাত এটা গভাইত চোৰক ৰাইজে ধৰি আৰক্ষীক চমজাই দিয়ে ৷
জানিব পৰা মতে, নিশা দি থকা বৰষুণৰ সুবিধা লৈ মাজুলীৰ চুমৈমাৰীৰ মইনাজান পেগুৱে মেৰবিল গাঁৱৰ মহাদেৱ ঘোষৰ দোকানৰ পৰা মিঠাতেল আৰু নগদ ধন, জিতু ঘোষৰ দোকানৰ পৰা মাছ আৰু নগদ ধন চুৰ কৰি আনি গোসাঁইবাৰী গাঁৱৰ বিজিত ৰাজখোৱাৰ দোকানৰ তলা ভাঙি সোমাওতে শোৱাৰ পৰা সাৰ পাই বিজিত ৰাজখোৱাই হুলস্থূল কৰাত স্থানীয় লোকে চোৰটোক ধৰিবলৈ সক্ষম হয় ৷ ৰাইজৰ উত্তম-মধ্যম পাই চোৰে কাৰ কাৰ দোকানত সোমাইছিল কৈ দিয়ে ৷ ৰাইজৰ ৰোষৰ পৰা বচাবলৈ স্থানীয় গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায় ৷ বিজিত ৰাজখোৱাই দিয়া গোচৰৰ ভিত্তিত কেছ নম্বৰ- ২১/২৫ত আৰক্ষীয়ে চোৰটোক আটক কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷