ৰোহিতক আঁতৰাই শুভমন গিলক এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব : উপ-অধিনায়কৰ দায়িত্বত শ্ৰেয়াছ
নিউজ ডেস্ক, ৪ অক্টোবৰ : অৱশেষত ভাৰতীয় ক্ৰিকেট দলৰ গধুৰ দায়িত্ব প্ৰদান কৰা হ’ল শুভমন গিলৰ ওপৰত। ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বি চি চি আইৰ নিৰ্বাচক মণ্ডলীয়ে ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰে শুভমন গিলক। এদিনীয়া দলটোৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ হ’ব লাগে বুলি বহুতেই দাবী কৰি আহিছিল যদিও নিৰ্বাচক মণ্ডলীয়ে শুভমন গিলকহে অধিনায়কৰ বাবে বাছনি কৰে।
উল্লেখ্য যে ৰোহিত শৰ্মা ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্বত আছিল যদিও আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে শুভমন গিলক। অৱশ্যে অধিনায়কৰ দায়িত্বত নাথাকিলেও ভাৰতীয় দলটোত ৰোহিত শৰ্মাক স্থান দিয়া হৈছে।
এই সিদ্ধান্ত নিৰ্বাচকসকলে ভৱিষ্যতৰ কথা মনত ৰাখিয়েই লোৱা বুলি ধাৰণা কৰা হৈছে। পৰৱৰ্তী এদিনীয়া বিশ্বকাপৰ বাবে দুবছৰ বাকী থকা অৱস্থাত গিলে এতিয়া অধিনায়কৰ দায়িত্বত থিতাপি ল’বলৈ ভালেখিনি সময় পাব। ইতিমধ্যে টেষ্টত ভাৰতক নেতৃত্ব দিয়া গিল ইংলেণ্ড ভ্ৰমণৰ সময়তো অধিনায়কৰ দায়িত্বত আছিল। এই অভিজ্ঞতাই তেওঁৰ ওপৰত নিৰ্বাচকসকলৰ আস্থা বৃদ্ধি কৰিছে। সেয়ে ভাৰতে পৰৱৰ্তী বৃহৎ আইচিচি ইভেণ্টৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত এদিনীয়া দলটোৰ অধিনায়কৰ বাবে গিল সঠিক পছন্দ হৈ পৰিছে।
অৱশ্যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ এদিনীয়া দলটোত ৰোহিত আৰু কোহলি দুয়োৰে নাম অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত যুৱ অধিনায়ক গিলৰ হাতত এতিয়াও ভাৰতৰ দুজন শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ জ্ঞান আৰু সমৰ্থন থাকিব। আনহাতে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ এদিনীয়া দলটোত নাথাকিব ভাৰতৰ নিৰ্ভৰযোগ্য বেগী বলাৰ যশপ্ৰীত বুমৰাহ।
ইফালে, বহু সময়ত হতাশ হোৱা শ্ৰেয়াছ আয়াৰৰ অনুৰাগীৰ বাবেও এক সুখবৰ যে এইবাৰ বি চি চি আইৰ নিৰ্বাচক মণ্ডলীয়ে শ্ৰেয়াছ আয়াৰক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা দলটোত উপ-অধিনায়কৰ দায়িত্ব দিছে।
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষিত ভাৰতৰ এদিনীয়া দল : শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ (উপ-অধিনায়ক), অক্ষৰ পেটেল, কে এল ৰাহুল (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ চিৰাজ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), যশস্বী জয়ছোৱাল।
ঘোষিত টি-২০ দলটো : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গিল (উপ-অধিনায়ক), তিলক বৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জীতেশ শৰ্মা (উইকেটকীপাৰ), বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শ্বদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু ছেমছন (উইকেটকীপাৰ), ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ।