🔹 সংগোপনে কেতিয়া ছিংগাপুৰৰ পৰা আহিল অসমলৈ
বিশেষ বাৰ্তা, ৫ অক্টোবৰ : এতিয়াও তদন্তকাৰী সংস্থা এছআইটিয়ে জেৰা কৰা নাই শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক৷ অমৃতকণ্ঠ জুবিন গার্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ পানী নসৰকা তদন্তৰ খাতিৰতে অন্যতম প্রধান অভিযুক্ত শ্যামকানুৰ পত্নীক জেৰা কৰাটো অত্যন্ত জৰুৰী আছিল, কিন্তু জুবিনৰ মৃত্যুৰ ১৫ দিন অতিক্রম কৰাৰ পিছতো অনিতা ডেকাক জেৰা কৰাটো জৰুৰী বুলি ভবা নাই এছআইটিয়ে৷
উল্লেখনীয় যে ছিংগাপুৰত অনুষ্ঠিত নর্থ–ইষ্ট ফেষ্টিভেলত স্বামী শ্যামকানুৰ সৈতে উপস্থিত আছিল অনিতা ডেকাও৷ আনকি জুবিনৰ দুর্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ দিনা তথা তাৰ কেইবাদিন পিছলৈও ছিংগাপুৰতে আছিল অনিতা ডেকা৷ ছিংগাপুৰৰ জেনেৰেল হাস্পতালত ২০ ছেপ্টেম্বৰত জুবিনৰ মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ এম্বুলেঞ্চত তোলাৰ সময়তো স্বামী শ্যামকানুৰ সৈতে অনিতা ডেকাক দেখা গৈছিল৷ কাজেই জুবিনৰ মৃত্যু আৰু ইয়াৰ পিছৰ পৰিঘটনাৰ বিষয়ে ভালকৈয়ে জ্ঞাত আছিল অনিতা ডেকা৷ অর্থাৎ অনিতা ডেকাৰ পৰা জুবিনৰ ৰহস্যজনক মৃত্যুৰ বহু গুৰুত্বপূর্ণ সমল এছআইটিয়ে পোৱাৰ থ’ল আছিল৷
ইপিনে, জুবিনৰ মৃত্যুক লৈ সমগ্র অসমতে তীব্র গণৰোষৰ সৃষ্টি হোৱাৰ সময়তে অজ্ঞাত স্থানত আত্মগোপন কৰিছিল শ্যামকানুৱে৷ কেইবাদিনো পলাতক অৱস্থাত থকা শ্যামকানুৰ সেই পলৰীয়া জীৱনৰ সংগী আছিল পত্নী অনিতা৷ উল্লেখ্য যে ৩০ ছেপ্টেম্বৰৰ মাজনিশা দিল্লী বিমানবন্দৰত শ্যামকানুক চিআইডিৰ দলে গ্রেপ্তাৰ কৰি অসমলৈ লৈ আহিছিল৷ শ্যামকানু অসম আহি পোৱাৰ পিছতে গুৱাহাটীত আৱির্ভাৱ হয় পত্নী অনিতা ডেকাৰ৷ কিন্তু অনিতাই কোন পথেৰে আৰু কেতিয়া ছিংগাপুৰৰ পৰা অসমলৈ আহিল সেই তথ্য কাৰো হাতত নাই৷ জুবিনৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী হোৱাৰ পিছতো অতি আশ্চর্যজনকভাৱে যোৱা পাঁচটা দিনত অনিতা ডেকা মহন্তক জেৰা কৰা বা তেওঁৰ ভাষ্য গ্রহণ কৰাৰ বাবে এবাৰো চিন্তা কৰা নাই এছআইটিয়ে৷ ইয়াৰ বিপৰীতে চিআইডিৰ লকআপত থকা স্বামী শ্যামকানুক খাদ্য আৰু কাপোৰ দিবলৈহে চিআইডিৰ কার্যালয়লৈ অনিতা ডেকাক কেইবাবাৰো যোৱা দেখিবলৈ পোৱা গৈছে৷ শ্যামকানু মহন্তৰ পত্নীক এছআইটিয়ে এতিয়ালৈকে ‘ৰেহাই’ দিয়া কার্যত স্বাভাৱিকতে যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷