নিয়মীয়া বাৰ্তা, জোনাই, ৫ অক্টোবৰ : অসমৰ এজন যুৱকে কৰ্মসংস্থাপনৰ বাবে অৰুণাচললৈ গৈ আজি প্ৰায় ১৫ দিনে সন্ধানহীন হৈ থকা এক ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়াল তথা ৰাইজক৷
জানিব পৰা মতে, ধেমাজি জিলাৰ অন্তৰ্গত চিলাপথাৰ লক্ষীপুৰ গাঁও নিৱাসী উন্নত টায়ে নামৰ প্ৰায় ৪১ বছৰীয়া যুৱকজনে যোৱা ২০ ছেপ্টেম্বৰত ১১গৰাকী সতীৰ্থৰ সৈতে কৰ্মসংস্থাপনৰ বাবে এগৰাকী অৰুণাচলী ঠিকাদাৰৰ অধীনত গৈছিল অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাচিঘাটলৈ৷ কিন্তু পাচিঘাটত বিশেষ কাৰণবশতঃ কামটো নোহোৱাত অৰুণাচলী ঠিকাদাৰগৰাকীয়ে অসমৰ ১২ গৰাকী শ্ৰমিকক অন্য কামত নিয়োগৰ বাবে লৈ যায় আপাৰ চিয়াং জিলাৰ তুঃটিঙলৈ৷ জানিব পৰা মতে, তুটিঙৰ পৰা Tengo 1 নামৰ ঠাইলৈ পৰ্টাৰ অৰ্থাৎ চিমেন্ট কঢ়িয়াই নিয়াৰ কামত নিয়োগ কৰে অসমৰ ১২গৰাকী শ্ৰমিকক৷
ইফালে, অতি দুৰ্গম পাহাৰীয়া পথ আৰু প্ৰতিকূল বতৰৰ মাজেৰে চিমেন কঢ়িয়াই একেৰাহে তিনি দিন ভোকে-পিয়াহে খোজকাঢ়ি যোৱাৰ পিছতে মিদাব নামৰ ঠাইত শ্ৰমিকৰ দলটোৱে আশ্ৰয় গ্ৰহণ কৰে শিবিৰ পাতি৷ জানিব পৰা মতে, শ্ৰমিকসকলে Tengo 1 পাবলৈ আৰু আছিল তিনি দিনৰ বাট৷ কিন্তু আৰু আগলৈ আগবাঢ়ি যোৱাৰ শক্তি হেৰুৱাই পেলোৱা শ্ৰমিকসকলে তুটিঙলৈ ঘূৰি যোৱাৰ বাবে ঠিকাদাৰক অনুৰোধ জনায়৷ জানিব পৰা মতে, ঠিকাদাৰগৰাকীয়ে শ্ৰমিকসকলক ভয়-ভাবুকি প্ৰদান কৰি আগধন হিচাপে লোৱা টকা ঘূৰাই দিবলৈ কয়৷ ইয়াৰ পিছতে উক্ত মিদাব নামৰ ঠাইৰ শিবিৰৰ পৰা ঘূৰি অহাৰ পথতে উন্নত টায়ে নামৰ লোকজন হঠাৎ সন্ধানহীন হৈ পৰে বুলি জানিব পৰা গৈছে৷
লগত যোৱা সতীৰ্থসকলে উন্নত টায়েক পুনৰ ঘূৰি কেইবাবাৰো বিচাৰিলে যদিও ক’তো বিচাৰি নোপোৱাত অৱশেষত তুটিঙলৈ আহি উন্নত টায়ে সন্ধানহীন সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে তুটিং আৰক্ষী থানাত৷ ইফালে, তুটিং আৰক্ষীয়ে মিদাব নামৰ ঠাইত তিনি দিন ধৰি দুৰ্গম পথ অতিক্ৰম কৰি উদ্ধাৰ অভিযান চলায় যদিও উন্নত টায়েৰ কোনো সন্ধান পাব পৰা নাই আজিপৰ্যন্ত৷ অৱশ্যে তুটিং আৰক্ষীয়ে উন্নত টায়েৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷ ইফালে, ঘটনাৰ খবৰ পোৱাৰ পিছতে হাহাকাৰৰ লাগিছে পৰিয়ালৰ মাজত৷ উন্নত টায়ে সন্ধানহীন সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে চিলাপথাৰ আৰু অৰুণাচলৰ পাচিঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷
প্ৰেৰক কৰবী দলে