তিনি চিকিৎসকলৈ ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা
নিউজ ডেস্ক, ৬ অক্টোবৰ : মেৰী ই ব্ৰাংকো, ফ্ৰেড ৰামছডেল আৰু শিমন ছাকাগুচিয়ে পেৰিফেৰেল ইমিউন ট’লাৰেন্স সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে এইবেলি চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে। আজি ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰি এই তিনিগৰাকী চিকিৎসকক সন্মান প্ৰদান কৰা হৈছে।
পেৰিফেৰেল ইমিউন ট’লাৰেন্স হৈছে শৰীৰৰ এটা পদ্ধতি যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাক নিয়ন্ত্ৰণত ৰাখে আৰু বাহ্যিক আক্ৰমণকাৰীৰ পৰা নিজৰ কলাসমূহক ৰক্ষা কৰে।
উল্লেখ্য যে আমেৰিকাৰ ছিয়াটলৰ মেৰী ই ব্ৰাংকো ইনষ্টিটিউট অৱ ছিষ্টেমছ বায়’লজীৰ সৈতে জড়িত, আনহাতে, ছানফ্ৰান্সিস্কোৰ ফ্ৰেড ৰামছডেল ছ’নোমা বায়’থেৰাপিউটিক্সৰ সৈতে জড়িত আৰু জাপানৰ শিমন ছাকাগুচি জাপানৰ ওছাকা বিশ্ববিদ্যালয়ত কৰ্মৰত। এই তিনিওগৰাকী চিকিৎসকে ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ নিয়ন্ত্ৰিত হয় সেই বিষয়ে গৱেষণা কৰি এই সন্মান আঁজুৰি আনিবলৈ সক্ষম হয়।
উল্লেখ্য যে ২০২৫ চনৰ ন’বেল বঁটাৰ ঘোষণা সোমবাৰৰ পৰা আৰম্ভ হৈছে, য’ত ষ্টকহ’মৰ কাৰ’লিন্সকা ইনষ্টিটিউটৰ এখন পেনেলে চিকিৎসা বিজ্ঞানৰ বঁটা ঘোষণা কৰে। কাইলৈ অৰ্থাৎ ৭ অক্টোবৰত পদাৰ্থ বিজ্ঞান, ৯ অক্টোবৰত সাহিত্য, ১০ অক্টোবৰত শান্তিৰ লগতে ১৩ অক্টোবৰত অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা কৰা হ’ব।
অহা ১০ ডিচেম্বৰত বিজয়ীসকলক প্ৰদান কৰা হ’ব এইবাৰৰ নোবেল বঁটা।