নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কাৰ্বি আংলঙত ভয়ানক পথ দুৰ্ঘটনা, নিহত ৩, আহত ৩৫

পশ্চিম কাৰ্বি আংলং জিলাৰ অতি দুৰ্গম পাহাৰীয়া অঞ্চল আমডবাত নিশা এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন মেক্স পিক আপ বাহন।

এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে তিনিজনকৈ লোক। ঘটনা লীত থিতাতে নিহত হোৱা লোককেইজন হৈছে ভৰত কুমাৰ বেʼ, কাটি কিলিংপি আৰু কাচং টেৰনপি। বাহনখনত থকা আন ৩৫জন যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

আহতসকলক নিশাই উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ML-04D-7756 নম্বৰৰ মেক্স পিক আপ বাহনখন উলুকুঞ্চিৰ পৰা জিৰিকিন্দেং অভিমুখে গৈ আছিল। বৈঠালাংছʼৰ পৰা প্ৰায় ১০৮ কিমি নিলগৰ পাহাৰীয়া আমডবা অঞ্চলত সংঘটিত শোকাৱহ দুৰ্ঘটনাটোৱে শোকস্তব্ধ কৰি তুলিছে জিলাবাসীক।

নিয়মীয়া বাৰ্তা, বৈঠালাংছো, ৭ অক্টোবৰ

 

You might also like