নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত ৰং-তুলিকাৰে চিত্ৰ অংকন কৰি জুবিন-লৈ শ্ৰদ্ধাৰ্ঘ্য

ৰাজ্যত আজিও অব্যাহত আছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবি অংকন কৰি শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে “বৰাক আৰ্ট এণ্ড ক্ৰাফ্ট ছচাইটীয়ে।”

বৰাকৰ জ্যেষ্ঠ আৰু কনিষ্ঠ ললিত কলাৰ শিল্পীসকলে শিলচৰ চহৰৰ ক্ষুধিৰাম মূৰ্তিৰ সম্মুখত জুবিন গাৰ্গৰ অসংখ্য চিত্ৰ অংকন কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৰং তুলিকাৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰাক আৰ্ট এণ্ড ক্ৰাফ্ট ছচাইটীৰ শিল্পীসকলে। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শিল্পীগৰাকীৰ হত্যাৰ সৈতে জড়িত দোষী ব্যক্তিৰ উচিত শাস্তি দাবী কৰে বৰাক আৰ্ট এণ্ড ক্ৰাফ্টৰ শিল্পীসকলে।

নিয়মীয়া বাৰ্তা ডেস্ক, ৭ অক্টোবৰ

You might also like