নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্ত যাত্ৰীবাহী বাছত অসমীয়া বোৱাৰী-ৰ শ্লীলতাহানিৰ অপচেষ্টা আব্দুল কৰিমৰ

শ্ৰীভূমি জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চলন্ত যাত্ৰীবাহী বাছত অসমীয়া বোৱাৰী-ৰ শ্লীলতাহানিৰ অপচেষ্টা চলায় বদৰপুৰ এজন লম্পট বৃদ্ধই।

শ্ৰীভূমিৰ পৰা বদৰপুৰৰ স্বামী গৃহলৈ উভতি অহাৰ সময়ত বদৰপুৰ হাচানপুৰ গাঁৱৰ আব্দুল কৰিম খানে যাত্ৰীবাহী বাছত বহি থকা বোৱাৰীগৰাকীৰ শৰীৰত হাত দি থকাৰ লগতে অশ্লীল ইংগিত দিয়ে।‌

বোৱাৰীগৰাকীয়ে প্ৰতিবাদ সাব্যস্ত কৰাত লম্পট কৰিমে যাত্ৰীবাহী বাছখন ভাংগা এলেকাত ৰখাই বোৱাৰীগৰাকীক মাৰপিট কৰাৰ লগতে গাড়ীৰ পৰা চোঁচৰাই নমাই লাথি-ঘোচা মৰা আৰম্ভ কৰে।

স্থানীয় লোকে মহিলাগৰাকীৰ চিঞৰ-বাখৰ শুনি বদৰপুৰ আৰক্ষীৰ সহযোগত লম্পট আব্দুল কৰিম খানক গ্ৰেপ্তাৰ কৰে। বদৰপুৰ আৰক্ষীৰ সময়োপযোগী পদক্ষেপত উত্তপ্ত পৰিস্থিতিৰ শাম কাটে যদিও প্ৰশ্ন উত্থাপিত হৈছে বৰাকত যাত্ৰীবাহী বাছত মহিলাৰ কোনো নিৰাপত্তা নাই।

এনে লজ্জাজনক ঘটনাক লৈ শ্ৰীভূমি জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

নিয়মীয়া বাৰ্তা ডেস্ক, ৭ অক্টোবৰ

You might also like