বড়ো ৰাজনীতিৰ পট পৰিৱর্তন
বিটিচিৰ ক্ষমতাত আকৌ অধিষ্ঠিত হ’ল হাগ্রামা মহিলাৰী৷ প্রায় ডেৰ দশকজোৰা সশস্ত্র সংগ্রামৰ পৰিসমাপ্তি ঘটাই ২০০৩ৰ ১০ ফেব্রুৱাৰীত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ স’তে স্বাক্ষৰিত বিটিচি চুক্তিৰ পিছতে ক্ষমতাত অধিষ্ঠিত হাগ্রামা মহিলাৰীয়ে সুদীর্ঘ ১৭ বছৰে বড়োভূমিৰ ক্ষমতাৰ গুৰিব’ঠা ধৰিছিল৷ হিংসাজর্জৰ বড়োভূমিত শান্তি আৰু প্রগতিৰ বাট প্রশস্ত কৰাৰ ক্ষেত্রত নির্ণায়ক ভূমিকা গ্রহণ কৰা হাগ্রামা মহিলাৰীয়ে তেওঁৰ কার্যকালত বড়ো ৰাজনীতিক এক নির্ণায়ক ৰূপ দিবলৈ সক্ষম হৈছিল৷ কিন্তু ২০২০ৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বিটিআৰ চুক্তিৰ পাছত অনুষ্ঠিত বিটিচি নির্বাচনত প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে বিজেপিৰ সহযোগত ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত বিগত পাঁচ বছৰে বিৰোধীৰ ভূমিকা ল’বলৈ বাধ্য হৈছিল৷ সুদীর্ঘ ১৭ বছৰে ক্ষমতাত থকা হাগ্রামা মহিলাৰীৰ বাবে বিগত পাঁচ বছৰ বিৰোধীৰ আসনখন কোনো কাৰণতে সহজসাধ্য নাছিল৷ ২০২০ৰ বিটিচি নির্বাচনত ৪০খন আসনৰ ভিতৰত সর্বাধিক ১৭খন আসন লাভ কৰিছিল যদিও হাগ্রামা মহিলাৰীয়ে ক্ষমতা লাভৰ পৰা বঞ্চিত হৈছিল একমাত্র শাসকীয় বিজেপিৰ সহযোগিতাৰ অভাৱত৷ ইউপিপিএল দলে ১২খন আসন আৰু বিজেপিৰ ৮খন আসনৰ বাবে প্রমোদ বড়োৱে বিটিচিৰ গুৰিব’ঠা লাভ কৰিবলৈ সক্ষম হৈছিল৷ বড়ো ৰাজনীতিৰ এনে পট পৰিৱর্তনত ৰাজনৈতিকভাৱে ধাৰাবাহিক দুর্যোগৰ সন্মুখীন হৈছিল হাগ্রামা মহিলাৰী৷ প্রাক্তন মন্ত্রী চন্দন ব্রহ্ম, বিটিচিৰ প্রাক্তন উপ–মুখ্য কার্যবাহী সদস্য খাম্ফা বৰগয়াৰী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি বিটিচিৰ কেইবাজনো নির্বাচিত সদস্যই দলত্যাগ কৰাৰ পাছত তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছিল হাগ্রামা মহিলাৰী৷ কিন্তু বিগত পাঁচ বছৰত এনে দুর্যোগৰ মাজতো বড়োভূমিৰ আঞ্চলিক দলটোৰ তৃণমূল পর্যায়ৰ ভেটি শক্তিশালী কৰিবলৈ হাগ্রামা মহিলাৰীয়ে একনিষ্ঠ পদক্ষেপ গ্রহণ কৰিছিল৷ বিগত প্রায় চাৰি দশকৰ বড়ো ৰাজনীতিক ঘাইকৈ নিয়ন্ত্রণ কৰি অহা নিখিল বড়ো ছাত্র সন্থা (এবছু)ক একাষৰীয়া কৰি হাগ্রামা মহিলাৰীয়ে শেহতীয়া বিটিচি নির্বাচনত ৪০খন আসনৰ ভিতৰত ২৮খন আসন লাভ কৰি চমকপ্রদ সাফল্য প্রদর্শন কৰাই নহয়, বড়োভূমিৰ ৩৫ লাখ বিভিন্ন জাতি–জনগোষ্ঠীৰ তেওঁ যে অন্যতম জনপ্রিয় নেতা সেয়া প্রমাণ কৰিলে৷ বিটিচিৰ একেৰাহে তিনিটা নির্বাচনত সাফল্য লাভ কৰিলেও হাগ্রামা মহিলাৰীয়ে সদ্যসমাপ্ত নির্বাচনৰ লেখীয়া চমকপ্রদ সাফল্য লাভ কৰা নাছিল৷ ইউপিপিএলে এবছুৰ পূর্ণ সমর্থন লাভ কৰা সত্ত্বেও মাথোঁ ৭খন আসনহে লাভ কৰিলে৷ ক্ষমতাত থাকিও বিজেপিয়ে পূর্বৰ লেখীয়া সাফল্য দেখুৱাব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে বিৰোধীৰ আসনত থাকি হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে যিদৰে অভূতপূর্ব সাফল্য লাভ কৰিলে সেয়া ৰাজ্যৰ আঞ্চলিক ৰাজনীতিৰ বাবে এক শুভ বার্তা৷
বিটিচিৰ মুখ্য কার্যবাহী সদস্যৰূপে ৫ অক্টোবৰত হাগ্রামা মহিলাৰীয়ে শপতগ্রহণ কৰিলে৷ উপ–মুখ্য কার্যবাহী সদস্যৰূপে প্রাক্তন মন্ত্রী ৰিহণ দৈমাৰীয়ে শপত ল’লে৷ হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিটিচি কার্যবাহী পৰিষদৰ সদস্যসকলৰ নাম দুই–এদিনতে ঘোষণা কৰা হ’ব৷ বিটিচি নির্বাচনৰ ফলাফলে আগন্তুক বিধানসভা নির্বাচনত প্রভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে৷ বিটিচিৰ অন্তর্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ অন্তর্গত ১৫টা বিধানসভা সমষ্টি আছে৷ নিশ্চিতভাৱে বড়োভূমিত পৰিৱর্তনৰ ঢৌত সাফল্য অর্জন কৰা বিপিএফে আগন্তুক বিধানসভা নির্বাচনত এই সমষ্টিসমূহত বিশেষ প্রভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে৷ এনে ৰাজনৈতিক পৰিৱর্তনৰ ফলত বিটিচি চৰকাৰৰ অংশীদাৰিত্ব বিজেপিয়ে গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷ বিটিচি চুক্তি স্বাক্ষৰৰ ২২ বছৰ অতিক্রম কৰিলে৷ এই সময়ছোৱাত বড়ো ৰাজনীতি শাসকীয় দলৰ পক্ষতে আছে৷ এতিয়া হাগ্রামা মহিলাৰীয়েও বিজেপিক সংগী কৰি লোৱাৰ বাহিৰে বেলেগ পথ নাই৷ বিটিচিৰ সামূহিক উন্নয়ন আৰু শান্তি স্থাপনৰ স্বার্থত দিল্লী আৰু দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত বিজেপিৰ স’তে হাত মিলাবলৈ হাগ্রামা মহিলাৰী বাধ্য৷ কিন্তু বিজেপিয়ে এতিয়াও ইউপিপিএলৰ স’তে মিত্রতা অব্যাহত ৰাখিছে৷ বিপিএফে দিছপুৰৰ বিজেপি চৰকাৰখনক নৈতিক সমর্থন দিলেও আনুষ্ঠানিক মিত্রতা আছে ইউপিপিএলৰ স’তেহে৷ বিজেপিৰ স’তে মিত্রতাৰ সূত্রে ৰাজ্যিক মন্ত্রীসভাত ইউপিপিএলৰ উর্খাও গৌৰা ব্রহ্ম মন্ত্রী হৈ থকাৰ উপৰি কোকৰাঝাৰৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী আৰু ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নার্জাৰী আছে৷ ইউপিপিএলৰ সংগ পৰিহাৰ কৰি বিপিএফৰ সংগ ল’বলৈ হাগ্রামা মহিলাৰীয়ে বিজেপিক দাবী জনাইছে৷ কিন্তু হাগ্রামাৰ দাবী অনুসৰি বিজেপিয়ে শীঘ্রে ইউপিপিএলক ত্যাগ কৰাৰ আশা নাই৷ নির্বাচনী ৰাজনীতিত আশাপ্রদ ফলাফল লাভ কৰিবলৈ সক্ষম নহ’লেও ইউপিপিএলৰ স’তে আছে এবছুৰ পূর্ণ সমর্থন৷ প্রমোদ বড়োৱে নিজেও বড়ো ছাত্র সংগঠনটোক দীর্ঘকাল নেতৃত্ব দি আহিছে৷ এনে অৱস্থাত ইউপিপিএলক এলাগী কৰিলে বড়োভূমিত আকৌ আন্দোলনমুখৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা আছে৷ বড়োভূমিৰ শান্তি আৰু বিকাশ অধিক গতিশীল কৰিবলৈ হ’লে বিজেপিয়ে বিপিএফ আৰু ইউপিপিএলৰ মাজত সংঘাত নিৰাময়ৰ পদক্ষেপ গ্রহণ কৰিব লাগিব৷ ইতিমধ্যে হাগ্রামা মহিলাৰীৰ শপতগ্রহণ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইক্ষেত্রত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত ব্যক্ত কৰিছে৷ বড়োভূমিৰ সম্প্রসাৰণৰ ক্ষেত্রত ইতিবাচক পদক্ষেপ গ্রহণ কৰা মুখ্যমন্ত্রী ড০ শর্মাই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচিক অতিৰিক্ত ১৬টা বিভাগৰ দায়িত্ব অর্পণ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিও কার্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছে৷ ৰাজ্যখনৰ ভূমিপুত্রসকলৰ স্বায়ত্তশাসিত পৰিষদখনে বিকাশৰ গতিত ধাৱমান হোৱাটো ৰাজ্যখনৰ প্রতিজন বিবেকৱান লোকে কামনা কৰে৷ ৰাজ্যখনৰ সামূহিক স্বার্থত হাগ্রামা মহিলাৰীয়ে উদাৰতা প্রদর্শন কৰিব লাগিব৷