নিউজ ডেস্ক, ৭ অক্টোবৰ : হিয়াৰ আমঠু নোহোৱা হোৱাৰ দুখত সমগ্ৰ ৰাজ্যবাসী শোকসাগৰত ডুব গৈ থকাৰ সমান্তৰালকৈ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সৰ্বত্ৰ দাবী উত্থাপন হৈছে। ইয়াৰ মাজতে আপোন মানুহজনক হেৰুওৱাৰ দুখ পত্নী গৰিমা শইকীয়া গাৰ্গে কিদৰে সহিছে, সেয়া কল্পনা কৰাও কঠিন। এই এসাগৰ দুখৰ মাজতো অমৃতকণ্ঠ জুবিনৰ সহধৰ্মিণী গৰিমাই সোমবাৰে নিশা সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে এক অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি ন্যায়ৰ বাবে অপেক্ষা কৰি থকাৰ কথা প্ৰকাশ কৰে।
প্ৰিয় মানুহজনৰ দেহাৱসানৰ ১৮ দিন পিছত এয়া পত্নী গৰিমা শইকীয়া গাৰ্গৰ প্ৰথমটো ফেচবুক পোষ্ট। তেওঁ লিখিছে- The last one for this life…
But we will be together again,,very soon Goldie !
কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/আমি সকলোৱে জানিব লাগিব তুমি কায়িকভাৱে নোহোৱা হৈ যোৱাৰ কাৰণ ।
কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন !
এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূন্য বুকু । মোক উত্তৰ লাগে …
#JusticeForZubeenGarg
পত্নী গৰিমা শইকীয়া গাৰ্গে আপলোড কৰা ফটোখন-

ইফালে, একেটা দিনতে জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰেও সামাজিক মাধ্যমত আগবঢ়াইছে এক ফেচবুক পোষ্ট। ভগ্নী ড০ পাল্মী বৰঠাকুৰেও এখন ফটোৰ সৈতে লিখিছে এনেদৰে-
আকৌ তই ‘মমন’ বুলি মাতিবি…. যেতিয়া লগ পাম সীমনাৰ সিপাৰে….
এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব!
ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওক!🙏🏻
#justiceforzubeengarg
#JusticeForZubeenGarg
ভগ্নী ড০ পাল্মী বৰঠাকুৰে আপলোড কৰা ফটোখন-
