গুৱাহাটীৰ পৰা হাইজেক হোৱা ট্ৰাকসহ সামগ্ৰী মৰিগাঁৱত উদ্ধাৰ, মাষ্টাৰমাইণ্ড পলাতক
গুৱাহাটীৰ পৰা হাইজেক হোৱা ট্ৰাকসহ সামগ্ৰী মৰিগাঁৱৰ মৈৰাবাৰীত উদ্ধাৰ হৈছে। মাষ্টাৰমাইণ্ড ইক্ৰামূল পলাতক হৈ আছে।
লগতে কেইবালাখ টকাৰ সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰে।
BM ট্ৰান্সপৰ্ট নামৰ এটা পৰিবহণ সংস্থাই AS-01 KC-5387 নম্বৰ এখন ট্ৰাকত গুৱাহাটীৰ কেইবালাখ টকাৰ সা-সামগ্ৰী কঢ়িয়াই আনি থকা সময়তে হাইজেক হৈছিল ট্ৰাকখন।
দেওবাৰে নিশা মৈৰাবাৰী–মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ শগুনবাহীত উক্ত ট্ৰাকখন উদ্ধাৰ হৈছিল।
আজি নিশা মৈৰাবাৰী আৰক্ষীয়ে তিনিজন ব্যক্তিক আটক কৰি মৈৰাবাৰীৰ গৰুখুঁটিত উদ্ধাৰ কৰে কেইবালাখ টকাৰ সামগ্ৰীখিনি।
উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত চেনি, দাইল, বিস্কুটকে আদি কৰি বহু মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে।
আৰক্ষীয়ে আটক কৰা ব্যক্তিকেইজন ক্ৰমে আলাল উদ্দিন, গোলজাৰ হুছেইন আৰু ৰছিদুল ইছলাম। ইফালে ট্ৰাক হাইজেক কৰা মূল মাষ্টাৰমাইণ্ড ইক্ৰামুল হুছেইন বৰ্তমান পলাতক হৈ আছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ৭ অক্টোবৰ