নিজক সংশোধন কৰাৰ সময়
নতুনে পুৰণিচামক, পুৰণিচামে নতুনক কেৱল দোষাৰোপ কৰিয়ে যিকোনো সমস্যা সমাধান কৰিব নোৱাৰে৷ সমাজ সংস্কাৰো কৰিব নোৱাৰে৷ সমাজ সংস্কাৰ হ’বলৈ সকলোৱে নিজেই নিজক সংস্কাৰ কৰাটো অতীব প্রয়োজন৷ সাম্প্রতিক সমাজ ব্যৱস্থালৈ লক্ষ্য কৰিলে সকলোৰে মনলৈ হয়তো এটাই প্রশ্ণ আহে– এই পৰিস্থিতিৰ বাবে দোষ কাক দিম? নতুনচামক, পুৰণিচামক নে ঘুণে ধৰা সমাজ ব্যৱস্থাক! কি ৰাজনীতি, কি সমাজনীতি সকলোতে যেন ঘুণে ধৰিছে৷ অবৈধ প্রেম, হত্যা, অত্যধিক সুৰা সেৱন, সুৰাপান কৰি দুর্ঘটনা, অশ্লীলতা, মিথ্যাচাৰ, ৰাজহুৱাকৈ তৰল কথাৰ চর্চা এই কথাবোৰে বহুতকে বহু সময়ত নিৰাশ কৰে৷ টিভি চালেই, কাকতখন পঢ়িলেই কেৱল হতাশজনক খবৰেৰে ভৰি পৰে৷ সন্ধিয়া হ’লেই ৰাজপথত এচাম সুৰাপান কৰা লোকে সন্ত্রাস চলায়৷ অধিকাংশ ডেকা ল’ৰা–ছোৱালীৰ আড্ডাবোৰো আজিকালি সস্তীয়া মানৰ৷ ৰাজপথতেই অবাইচ মাত৷ এই পৰিৱেশবোৰে সুস্থ সমাজখনত ব্যাঘাত জন্মোৱা নাইনে? অবাটে যোৱা ল’ৰা–ছোৱালীবোৰক আজিকালি কোনো লোকে গুৰুত্ব দি শুদ্ধ পথলৈ অনাৰ পৰিৱর্তে সহজে ধ্বংস হ’বলৈ এৰি দিয়াৰ পৰিৱেশহে সৃষ্টি হৈছে৷ কিন্তু মন কৰিলে দেখিব অবাটে যোৱা ল’ৰা–ছোৱালীৰ সংখ্যা পূর্বতকৈ বৃদ্ধি পাইছে৷ এই বর্ধিত সংখ্যা যিকোনো মূল্যৰ বিনিময়ত হ্রাস কৰিব লাগিব৷ কাৰণ অসমীয়া জাতিটোৰ ভৱিষ্যৎ নতুন প্রজন্মৰ ওপৰতেই নির্ভৰ কৰে৷ সেয়ে এক সুস্থ জনমত গঢ়ি তোলাটো প্রয়োজন৷ নৈতিক চৰিত্রৰ অধঃপতন ঘটিলে সমাজখন বিষাক্ত হৈ পৰিব৷ ৰাজনীতি, সমাজনীতি, অর্থনীতি সকলোতে বিৰূপ প্রভাৱ পৰিব৷ কেৱল নতুন প্রজন্মই যে বিপথে পৰিচালিত হৈছে তেনে নহয়, বহু জ্যেষ্ঠ লোকেও সমাজখন এফালৰ পৰা বিষাক্ত কৰিছে৷ দুর্নীতি, অবৈধ কর্মৰ দৰে নীচ কামত নিজকে লিপ্ত কৰিছে৷ সন্তানে অভিভাৱকক দেখে আৰু তেওঁলোকৰ পৰা শিকে৷ এজন দুর্নীতিগ্রস্ত অভিভাৱকৰ সন্তান দুই ধৰণে নষ্ট হয়৷ এজনে যদি দুর্নীতি কৰা পিতৃ–মাতৃক দেখি হতাশ হৈ তেওঁলোকৰ ওপৰত লাহে লাহে বিতৃষ্ণা জন্মে আৰু পিছলৈ সেই দিশবোৰ চাব নোৱাৰা হৈ নিজকে ধ্বংস কৰিবলৈ প্রয়াস কৰে, আনজনে আকৌ অধিক টকা দেখি ৰজাৰ দৰে সকলো লৈ জীৱন অতিবাহিত কৰিব বিচাৰে৷ মনৰ ইচ্ছা মতে সকলো কৰিব বিচাৰে৷ যাক কোনেও নিয়ন্ত্রণ কৰিব নোৱাৰে৷
টকাৰেই যেন সকলো কিনি ল’ব৷ এই সকলোবোৰৰ বাবে অভিভাৱকসকলৰ লগতে শিক্ষা ব্যৱস্থাও বহু পৰিমাণে জগৰীয়া৷ সাম্প্রতিক সময়ৰ শিক্ষা ব্যৱস্থাটো কেৱল চাকৰিমুখীহে৷ চাকৰি এটাৰ বাবেহে সকলোৱে পঢ়ে৷ নম্বৰ কেহটামান লৈ চাকৰিৰ বাবে যোগ্য হ’লেই যেন সকলো হৈ যায়৷ কিছুসংখ্যক শিক্ষকে সেয়ে কেৱল নম্বৰৰ ওপৰতহে গুৰুত্ব দিয়ে৷ বাকী কথাবোৰ গৌণ হৈ পৰে৷ নম্বৰ আৰু চাকৰিমুখী শিক্ষা ব্যৱস্থায়ো বহুতকে নিৰাশ কৰিছে৷ সম্প্রতি গুৰু–শিক্ষার্থীৰ মাজত যিধৰণৰ সম্বন্ধ গঢ়ি উঠিব লাগিছিল, সেই সম্বন্ধও ঠুনুকা৷ এই সকলোবোৰ সমস্যা সমাধান কৰিবলৈ নিজেই নিজক সংস্কাৰ কৰাটো জৰুৰী৷ অধ্যয়ন কেৱল চাকৰি পাবলৈ, নম্বৰ পাবলৈকে নহয়, নিজক বুজিবলৈ, নিজক নৈতিকভাৱে শক্তিশালী কৰিবলৈও অধ্যয়ন কৰাটো প্রয়োজন৷ নতুন প্রজন্মৰ সকলোৱে যে বেয়া, নৈতিকতাৰ অভাৱ তেনে নহয়৷ নতুন প্রজন্মৰ বহুতে নিজৰ প্রাপ্য অধিকাৰক লৈ সচেতন, সমাজখনক লৈ চিন্তিত৷ কাৰণ কেইবছৰমান আগতে হোৱা ‘কা’ আন্দোলনক নেতৃত্ব দিছিল যুৱপ্রজন্মই৷ সমাজখনত হৈ থকা ব্যভিচাৰ, দুর্নীতি এইবোৰ নোহোৱা কৰিবলৈ এতিয়াও বহুতে মাত মাতি আছে৷ কিন্তু সংখ্যাত তাকৰ৷ সেয়ে সকলো শিক্ষিত হোৱাৰ লগতে চিন্তাশীল, অধ্যয়নশীল হ’ব লাগিবই৷ কিতাপ নপঢ়ি, বাতৰিকাকত, আলোচনী নপঢ়ি, লাইব্রেৰীত সময় অতিবাহিত নকৰি ৰাস্তাত কেৱল সস্তীয়া কথা পাতি/ভিডিঅ’ চাই সময় অতিবাহিত কৰিলে সমাজখন সদায় বিপথেই পৰিচালিত হ’ব৷ নতুন প্রজন্মই ভাল চিনেমা–সংগীত–নাটক অধ্যয়ন কৰিবই লাগিব৷ সংকীর্ণ মনৰ নহৈ বহল দৃষ্টিকোণেৰে সমাজখনক অধিক শক্তিশালী কৰিব লাগিব৷ তাৰ বাবে ন–পুৰণি প্রতিটো চামেই ইজনে আনজনৰ প্রতি সহযোগিতা কৰিব লাগিব৷ অগ্রজসকলক দেখিয়ে নতুনে আগবাঢ়ে৷ গতিকে, প্রতিজন অগ্রজ লোক সচেতন হোৱাটো জৰুৰী৷ দুর্নীতি–ব্যভিচাৰ এইবোৰৰ পৰা নিজকে দূৰৈত ৰাখি নতুনক কিদৰে আগুৱাই নিব পাৰি, সেই দিশত মনোযোগ দিব লাগিব৷ জ্যেষ্ঠজনক কনিষ্ঠজনে কেৱল ভালৰি বোলাবলৈহে মাত দিয়াৰ পৰিৱর্তে সন্মানসহকাৰে যাতে মাত দিয়ে, তাৰ বাবেও কাম কৰিব লাগিব৷ সেয়ে সমাজখনক অধিক শক্তিশালী কৰাৰ স্বার্থত নিজক সংশোধন কৰাটো অতিকৈ জৰুৰী৷