নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ৯ অক্টোবৰ : কামৰূপ জিলাৰ ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আলিকাষ গাঁৱত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। এগৰাকী হিন্দু নাবালিকা মুছলমান যুৱকৰ কামনাৰ বলি হ’ব লগা হৈছে। ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
উত্থাপিত অভিযোগ মতে, বিগত চাৰি-পাঁচ মাহ পূৰ্বৰে পৰা এগৰাকী নাবালিকাক গৰৈমাৰী থানাৰ অন্তৰ্গত আলিকাষ গাঁৱৰ আক্ৰাম আলীৰ ঘৰত কাম কৰিবলৈ মাতি নি একাধিকবাৰ ধৰ্ষণ কৰে। এই কৰ্মকাণ্ডৰ লগত জড়িত আছিল লম্পট যুৱক আক্ৰাম আলী। আক্ৰাম আলীৰ পত্নী ফালানী বেগম গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত আশাকৰ্মী হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে। আশাকৰ্মী ফালানী বেগমে নাবালিকাগৰাকীক কাম কৰাৰ বাবে ঘৰলৈ মাতি নি তেওঁৰ লম্পট স্বামী আক্ৰাম আলীৰ দ্বাৰা অপকৰ্ম কৰোৱা কাৰ্যত সম্পূৰ্ণভাৱে সহযোগ কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
লম্পট আক্ৰাম আলীৰ পত্নী ফালানী বেগমে এই ঘটনাটো ঘাপ দিয়াৰ বাবে কিশোৰীগৰাকীৰ গৰ্ভত থকা ৪ মহীয়া সন্তানৰ ভ্ৰূণ নষ্ট কৰাৰ বাবে চেষ্টা চলাইছিল আৰু টকা-পইচাৰ লোভ দেখুৱাই দৰিদ্ৰ পৰিয়ালটোক ঘটনাটো কাকো প্ৰকাশ নকৰিবলৈ ভয়-ভাবুকি দিছিল। আজি স্থানীয় একাংশ সচেতন লোকে ভুক্তভোগী পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনাটো পোহৰলৈ আনে আৰু গৰৈমাৰী আৰক্ষী থানাত আশাকৰ্মী ফালানী বেগম আৰু লম্পট স্বামী আক্ৰাম আলীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰ লাভ কৰাৰ পিছতেই গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাই ঘটনাৰ তদন্ত আৰম্ভ কৰি লম্পট আক্ৰাম আলী আৰু তেওঁৰ পত্নী ফালানী বেগমক বিচাৰি অভিযান চলায়।
ইফালে, এই ঘটনা সংঘটিত কৰি আক্ৰাম আলী আৰু তেওঁৰ পত্নীয়ে ঘৰ এৰি পলায়ন কৰে। লম্পট আক্ৰাম আলীয়ে গৰু ব্যৱসায়ীৰ লগত জড়িত থাকি সঘনাই এনে অনৈতিক কামত জড়িত হৈ থাকে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। শীঘ্ৰেই অপৰাধীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।