GU-ৰ উপাচাৰ্য ননীগোপাল মহন্তৰ পদত্যাগ দাবী AJYCP-ৰ
অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰে।
স্মাৰক-পত্ৰ মৰ্মে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ পদত্যাগৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে।
বিশ্ববিদ্যালয়খনৰ আন্ত:গাঁথনি নিৰ্মাণত অনিয়ম, ক্ষমতাৰ অপব্যৱহাৰ, বিত্তীয় অনিয়ম আৰু দুৰ্নীতিৰ ৰাজহুৱা অভিযোগ উত্থাপন কৰে উপাচাৰ্যৰ বিৰুদ্ধে।
AJYCP-ৰ দাবী- গুৱাহাটী বিশ্ববিদ্যালয় এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়, য’ত কৃষ্ণকান্ত সন্দিকৈ, ড০ সূৰ্য কুমাৰ ভূঞাৰ দৰে গণ্যমান্য ব্যক্তিয়ে উপাচাৰ্যৰ আসন অলংকৃত কৰিছিল।
AJYCP-এ দাবী কৰে যে যিহেতু কিছুদিন পূৰ্বে আমি আমাৰ হাৰ্টথ্ৰৱ, প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাইছো। সেয়া মৃত্যু নে হত্যাকাণ্ড সেয়া এতিয়াও তদন্তৰ আৱৰ্তত। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তৰ পৰিয়ালৰ লোক যিহেতু সেই ঘটনাৰ লগত জড়িত। সেয়ে আমি পদত্যাগ দাবী কৰিছোঁ।
লগতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীৰ বিৰূদ্ধেও যিহেতু ইতিমধ্যে বহুতো বেআইনী কামৰ অভিযোগ উত্থাপিত হৈ আহিছে। সেই হেতুকে নৈতিক দায়িত্ব হিচাপে উপাচাৰ্যগৰাকীয়ে নিজ পদৰ পৰা পদত্যাগ কৰিব লাগে।
উত্তৰ পূৱৰ আৱেগ বিশ্ববিদ্যালয়খনৰ আৱেগত কালিমা সনাৰ অধিকাৰ উপাচাৰ্যগৰাকীৰ নাই। এই দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে উপাচাৰ্যগৰাকীৰ হাতত পদত্যাগৰ আহ্বানসম্বলিত স্মাৰক পত্ৰ দাখিল কৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ