গোলকীয় উষ্ণতাৰ ভয়াৱহতা
একবিংশ শতিকাৰ তৃতীয় দশকত মানৱসৃষ্ট কাৰণৰ বাবেই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ পৰিছে৷ গোলকীয় উষ্ণতা নিয়ন্ত্রণ কিম্বা গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিব নোৱাৰিব৷ পৃথিৱীৰ বাবে অশনি সংকেত হৈ পৰিব৷ পৃথিৱীৰ বতৰে অস্বাভাৱিক ৰূপ ধাৰণ কৰিব৷ কাহানিও নেদেখা বতৰে প্রাকৃতিক দুর্যোগৰ সৃষ্টি কৰিব৷ বিজ্ঞানীসকলে এই সন্দর্ভত বাৰম্বাৰ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ ইয়াৰ কাৰণবোৰ হ্রাস কৰাৰ ক্ষেত্রত পৰামর্শ দি আহিছে, আনকি গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্রণ কৰিব নোৱাৰিলে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়নি দিছে৷ সম্প্রতি বিশ্বত সাগৰ–মহাসাগৰ, পাহাৰ–ভৈয়াম আদিত গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত জলবায়ু পৰিৱর্তনে অনাহূত পৰিৱেশৰ সৃষ্টি কৰিছে৷ মহাসাগৰত সৃষ্ট ধুমুহাই ধ্বংসলীলা চলাই থকাৰ সমান্তৰালকৈ পর্বত–পাহাৰতো প্রাকৃতিক বিপর্যয় আৰম্ভ হৈছে৷ প্রবল বৰষুণ আৰু প্রচণ্ড তুষাৰপাতে পৃথিৱীৰ সর্বোচ্চ শৃংগ এভাৰেষ্টতো প্রাকৃতিক বিপর্যয় নমাই আনিছে৷ পর্বত–পাহাৰৰ অঞ্চলসমূহ সঘনাই প্রাকৃতিক বিপর্যয়ৰ কবলত পৰিছে৷ ৰাষ্ট্রসংঘই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন নিয়ন্ত্রণৰ বাবে চুক্তি সম্পন্ন কৰিছে যদিও এয়া কার্যকৰী নোহোৱাত ক্রমান্বয়ে পৃথিৱীৰ প্রতি ভাবুকি আহি পৰিছে৷ আনকি জলবায়ু পৰিৱর্তনৰ বাবে প্রাকৃতিক দুর্যোগৰ মাত্রা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা শেহতীয়াভাৱে প্রকাশিত প্রতিবেদন অনুসৰি যদি জলবায়ু পৰিৱর্তনক সঠিকভাৱে নিৰীক্ষণ কৰি ইয়াক নিয়ন্ত্রণৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা নহয় তেতিয়াহ’লে বছৰে বছৰে প্রাকৃতিক দুর্যোগৰ পৰিমাণ বৃদ্ধি পাব৷ প্রাকৃতিক দুর্যোগৰ ফলত মানৱ জাতিয়ে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ জীৱন আৰু জীৱিকাৰ প্রতি প্রচণ্ড ভাবুকি আহিব৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে, অনাগত বর্ষসমূহ পৃথিৱীৰ বাবে ভয়ানক হৈ উঠিব৷ প্রাকৃতিক দুর্যোগৰ পৰিমাণ বৃদ্ধি পাব৷ ২০৩০ চনৰ ভিতৰত বছৰে বছৰে প্রাকৃতিক দুর্যোগৰ সংখ্যা ৫৬০টাকৈ সংঘটিত হ’ব৷ এই প্রাকৃতিক দুর্যোগ অতি বিপর্যয়ৰ কাৰণ হৈ মানৱ জাতিৰ জীৱন আৰু জীৱিকাৰ প্রতি শংকা নমাই আনিব৷ বছৰে হ’বলগীয়া ৫৬০ প্রাকৃতিক দুর্যোগৰ ভিতৰত ভয়াৱহ বান, বনজুই, মহামাৰী, ৰাসায়নিক দুর্ঘটনা আদি প্রধান৷ মন কৰিবলগীয়া যে ২০১৫ চনলৈকে বছৰত ৪০০টা প্রাকৃতিক দুর্যোগৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু জলবায়ু পৰিৱর্তনৰ বাবে এই সংখ্যা ২০৩০ চনলৈকে বছৰে ৫৬০লৈ বৃদ্ধি পাব৷
প্রতিবেদন মতে, জলবায়ু পৰিৱর্তনৰ বাবে জলবায়ু সম্বন্ধীয় বিপদ বৃদ্ধি পাইছে৷ জলবায়ু সম্পর্কীয় বিপদৰ ভয়াৱহতা, সময়সীমা আৰু গম্ভীৰতা বৃদ্ধি পাই আহিছে৷ উল্লেখ্য যে ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে বছৰে পৃথিৱীত মজলীয়াৰ পৰা ভয়াৱহ হৈ উঠা মাত্র ৯০ৰ পৰা ১০০টাহে প্রাকৃতিক দুর্যোগৰ ঘটনা সংঘটিত হৈছিল৷ কিন্তু জলবায়ু পৰিৱর্তনৰ বাবে এই প্রাকৃতিক দুর্যোগৰ মাত্রা ২০০১ চনৰ পৰা ২০৩০ চনলৈকে তিনিগুণ বৃদ্ধি পাইছে আৰু পাই থাকিব৷ পৃথিৱীত খৰাং ৩০ শতাংশ বৃদ্ধি হ’ব৷ বান-বনজুয়ে নহয়, মহামাৰীয়েও পৃথিৱীলৈ অশনি সংকেত কঢ়িয়াই আছে৷ ক’ভিড–১৯–এ অর্থনৈতিক অৱস্থা দুর্বল কৰি তোলাৰ বিপৰীতে জলবায়ু পৰিৱর্তনৰ বাবে খাদ্যৰ নাটনিও হৈ আছে৷ প্রাকৃতিক দুর্যোগে মানৱ সম্পদৰ হানি কৰাৰ লগতে আন আন সম্পদৰো বিস্তৰ ক্ষতি কৰে৷ ১৯৯০ চনত প্রাকৃতিক দুর্যোগৰ ফলত বছৰটোত ৭০ বিলিয়ন মার্কিন ডলাৰৰ ক্ষতি হৈছিল৷ এই ক্ষতি এতিয়া বৃদ্ধি পাই বছৰত ১৭০ বিলিয়ন মার্কিন ডলাৰ হৈছে৷ এই ক্ষতিৰ পৰিমাণ মুদ্রাস্ফীতিৰ লগত তুলনা কৰি হিচাপ কৰা হৈছে৷ প্রাকৃতিক দুর্যোগে দেশ এখনৰ মুঠ ঘৰুৱা উৎপাদনত ব্যাঘাত জন্মোৱাৰ লগতে বিশ্বৰো মুঠ ঘৰুৱা উৎপাদনত প্রভাৱ পেলায়৷ এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলত প্রাকৃতিক দুর্যোগৰ বাবে বছৰে মুঠ ঘৰুৱা উৎপাদনৰ ১.৬ শতাংশ লোকচান হয়৷ দৰিদ্র দেশসমূহত প্রাকৃতিক দুর্যোগে অধিক অর্থনীতিৰ ওপৰত প্রভাৱ পেলোৱাৰ বিপৰীতে উন্নত দেশসমূহতো প্রাকৃতিক দুর্যোগে নেতিবাচক প্রভাৱ পেলায়৷ ভাৰতত স্বাধীনতাৰ পিছত কেইবাটাও ভয়াৱহ প্রাকৃতিক দুর্যোগে মানৱ সম্পদৰ হানি কৰাৰ লগতে বিস্তৰ ক্ষতি কৰিছে৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে, বিগত দুটা দশকত ভাৰতত প্রাকৃতিক দুর্যোগৰ ফলত ৮০ হাজাৰ লোকে প্রাণ হেৰুৱাইছে আৰু ১০০ কোটিতকৈ অধিক লোক ক্ষতিগ্রস্ত হৈছে৷ চলিত বর্ষতো ভাৰতত প্রবল বৰষুণ আৰু বান, ঘূর্ণিবতাহ, খৰাং, প্রচণ্ড গ্রীষ্মপ্রৱাহ আদিয়ে দেশৰ নাগৰিকৰ জনজীৱনত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে৷