নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত গৰুভৰ্তি বাহন জব্দ ৰাষ্ট্ৰীয় বজৰংগ দলৰ : আটক তিনি

নিয়মীয়া বাৰ্তা, বিজনী, ১০ অক্টোবৰ : চিৰাং জিলাৰ বিজনীৰ কুকলুং পথৰ ফৰেষ্ট গেটৰ ওচৰত আজি পুৱা প্ৰায় ৪ বজাত ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যসকলে এক অভিযান চলাই অবৈধ গৰুভৰ্তি এখন এচি গোল্ড গাড়ী জব্দ কৰে । জব্দ কৰা গাড়ীখনৰ নম্বৰ AS-26AC-3029 ।

জানিব পৰা মতে, বিজনীৰ ভাওৰাগুৰিৰ পৰা নিশা গৰুভৰ্তি গাড়ীখন ডাঙাইগাঁও অভিমুখে গৈ থাকোঁতে আজি পুৱাৰ ভাগত কুকলুং পথৰ ফৰেষ্ট গেটৰ ওচৰত জব্দ কৰে ৭টাকৈ গৰুসহ অবৈধ গৰুভৰ্তি গাড়ীখন। পিছত বিজনী থানাত খবৰ দিয়াত ঘটনাস্থলীত বিজনী আৰক্ষী উপস্থিত হৈ গাড়ীৰ চালক আৰু দুজন ব্যৱসায়ীক আটক কৰি বিজনী থানালৈ লৈ আহে ।

আটক কৰাকেইজন ক্ৰমে চালক ৰকিবুল আলী (১৯), ব্যৱসায়ী দুজন মোবাৰক মিঞা (৩২) আৰু হাছেম আলী (২৮)। ব্যৱসায়ী দুজনে ব্যৱহাৰ কৰা AS-26D-1756 নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰে আৰক্ষীয়ে।

You might also like