নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ ভূমিকম্পত কঁপি উঠিল ফিলিপাইনছ : ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতে ছুনামি সতৰ্কতা

নিউজ ডেস্ক, ১০ অক্টোবৰ : এক ভয়াৱহ আগজাননী! সম্প্ৰতি সঘনাই অহা ভূমিকম্পত কঁপি উঠিছে বিশ্বৰ বিভিন্ন প্ৰান্ত। এইবাৰ ভয়াৱহ ভূমিকম্পত কঁপি উঠিল ফিলিপাইনছ। ৭.৬ প্ৰাবল্যৰ ব্যাপক কম্পনত কঁপি উঠিল প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত দেশখন। ইতিমধ্যে দেশজুৰি জাৰি কৰা হৈছে ছুনামি সতৰ্কতা। সমুদ্ৰত ৩ মিটাৰ পৰ্যন্ত উচ্চ ঢৌ উঠিব পাৰে বুলি আশংকা কৰা হৈছে। অৱশ্যে এতিয়ালৈকে দেশখনত হতাহতৰ কোনো খবৰ পোৱা নাই। ভূমিকম্পৰ আতংকত ৰাজপথলৈ ওলাই আহে সাধাৰণ লোক।

ফিলিপাইন ইনষ্টিটিউট অৱ ভলকেন’ এণ্ড ছিছম’লজিৰ সূত্ৰে জানিব পৰা মতে, শুকুৰবাৰে স্থানীয় সময় মতে পুৱা ৯ বাজি ৪৩ মিনিটত ৭.৬ মাত্ৰাৰ ভূমিকম্পত কঁপি উঠে দেশখনৰ বিভিন্ন অঞ্চল। ফিলিপাইনছৰ মানায় সমুদ্ৰতীৰৰ পৰা মাত্ৰ ৬২ কিলোমিটাৰ দূৰত্বত সমুদ্ৰৰ তলত কম্পনৰ উৎস। ভূপৃষ্ঠৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত কম্পনৰ উৎস হোৱা বাবে ফিলিপাইনছৰ বিস্তীৰ্ণ অঞ্চলত ভয়াৱহ প্ৰভাৱ পৰিছে।

ইতিমধ্যে ফিলিপাইনছত ছুনামি সতৰ্কতা জাৰি কৰা হৈছে। দেশখনৰ দক্ষিণ আৰু মধ্যভাগৰ উপকূলৱৰ্তী অঞ্চলৰ লোকসকলক নিৰাপদ আশ্ৰয়লৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। ভূমিকম্পৰ ফলত কেইবাটাও ঘৰ ভাগি পৰিছে বুলি স্থানীয় সূত্ৰে জানিব পৰা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কেইবাটাও ভিডিঅ’ত দেখা গৈছে, কম্পনৰ ফলত আতংকিত হৈ ৰাজপথলৈ ওলাই আহিছে সাধাৰণ লোক। হাস্পতালত থকা ৰোগীসকলেও প্ৰাণৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহে।

উল্লেখযোগ্য যে মাত্ৰ এসপ্তাহৰ আগতেও ৬.৯ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিছিল ফিলিপাইনছ। দেশখনৰ ইতিহাসৰ ভয়ংকৰ ভূমিকম্পৰ সাক্ষী হৈছিল জনসাধাৰণ। কমেও ৭২জনৰ মৃত্যু হৈছিল সেই ভূমিকম্পৰ ফলত। উক্ত ভূমিকম্পৰ আতংক মাৰ নৌযাওঁতেই পুনৰ ভূমিকম্পই আঘাত হানিলে ফিলিপাইনছত। এতিয়ালৈকে অৱশ্যে হতাহতৰ খবৰ পোৱা হোৱা নাই।

You might also like