শান্তিৰ ন’বেল বঁটা
বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা ২০২৫ বর্ষৰ শান্তিৰ ন’বেল বঁটা আগবঢ়াইছে ভেনিজুৱেলাৰ প্রধান বিৰোধী নেত্রী মাৰিয়া ক’ৰিনা মাছাডোক৷ বর্ষটোৰ ন’বেল বঁটা লাভ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে পাকিস্তান, ইজৰাইলকে ধৰি বিভিন্ন দেশৰ পৰা নৰৱে’ৰ ন’বেল কমিটীলৈ প্রস্তাৱ আগবঢ়ায় যদিও ন’বেল কমিটীয়ে মার্কিন ৰাষ্ট্রপতি ট্রাম্পক শান্তিৰ ন’বেল বঁটাৰ পৰা বঞ্চিত কৰিলে৷ শান্তিৰ ন’বেলক লৈ প্রবল হেঁপাহ জগা মার্কিন ৰাষ্ট্রপতি ট্রাম্পে আনকি ন’বেল বঁটা ঘোষণাৰ পূর্বে কমিটীক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁক ন’বেল বঁটা নিদিলে আমেৰিকা যুক্তৰাষ্ট্রক অপমান কৰা হ’ব বুলিও মন্তব্য কৰে৷ বিশ্বত শান্তি স্থাপনৰ বাবে সাতখনকৈ যুদ্ধৰ অৱসান ঘটোৱাৰ দাবী কৰা মার্কিন ৰাষ্ট্রপতি ট্রাম্পক ২০২৫ বর্ষৰ শান্তিৰ ন’বেল বঁটা প্রদান নকৰি ভেনিজুৱেলাৰ প্রধান বিৰোধী নেত্রী মাৰিয়া ক’ৰিনা মাছাডোক আগবঢ়ায়৷ নৰৱে’ৰ ন’বেল কমিটীয়ে ভেনিজুৱেলাৰ লৌহমানৱী খ্যাত মাছাডোক তেওঁৰ আজীৱন অক্লান্ত গণতান্ত্রিক আন্দোলনৰ বাবে স্বীকৃতি হিচাপে শান্তিৰ ন’বেল বঁটা আগবঢ়ায়৷ ভেনিজুৱেলাৰ লৌহমানৱী খ্যাত মাছাডোই দেশখনত গণতান্ত্রিক অধিকাৰ প্রতিষ্ঠাৰ কাৰণে চলোৱা সংগ্রামৰ কাৰণে ২০২৫ বর্ষৰ বিশ্বৰ সবাতোকৈ শক্তিশালী ১০০ ব্যক্তিৰ তালিকাত অন্তর্ভুক্ত হৈছিল৷ বিগত বছৰত ভেনিজুৱেলাৰ নির্বাচনৰ পৰাই আত্মগোপন কৰি থকা প্রধান বিৰোধী নেত্রী মাছাডোক কালি আনুষ্ঠানিকভাৱে শান্তিৰ ন’বেল বঁটা প্রদান কৰাৰ পাছতে বিশ্বৰ ৰাজনীতিত চমক সৃষ্টি হৈছে৷ নিকলাছ মাডুৰোই ভোটৰ সময়ত কৌশল কৰি ক্ষমতালৈ অহা বুলি দাবী কৰা বিৰোধী নেত্রী মাছাডোই সেই সময়ৰে পৰা আত্মগোপন কৰি আছে আৰু আত্মসমর্পণৰ সময়তে বিশ্বৰ সর্বস্ব সন্মান শান্তিৰ ন’বেল বঁটা লাভ কৰিলে৷
ভেনিজুৱেলাৰ নাগৰিকৰ কাৰণে গণতান্ত্রিক অধিকাৰ প্রতিষ্ঠাক লৈ অক্লান্ত পৰিশ্রম আৰু সেৱা আগবঢ়োৱাৰ লগতে স্বৈৰাচাৰৰ পৰা গণতন্ত্রলৈ শান্তিপূর্ণ ৰূপান্তৰত সংগ্রাম কৰাৰ বাবেই লৌহমানৱী মাছাডোক ন’বেল বঁটাৰে সন্মানিত কৰা হৈছে৷ আন্ধাৰত গণতন্ত্রৰ শিখা জ্বলাবলৈ সংগ্রাম চলোৱা ভেনিজুৱেলাৰ লৌহমানৱী মাছাডোক ২০২৫ বর্ষৰ শান্তিৰ ন’বেল বঁটা আগবঢ়ায় নৰৱে’ৰ ন’বেল কমিটীৰ জর্গান ৱাটনাৰ ফ্রাইডনেছে৷ মাছাডোক শান্তিৰ কাৰণে প্রতিশ্রুতিবদ্ধ চেম্পিয়ন আৰু সাহসী আখ্যা দিয়ে৷ তদুপৰি যিসকলে নীৰৱে থাকিবলৈ অস্বীকাৰ কৰে তেনে লোকৰ ওপৰতে গণতন্ত্র নির্ভৰ কৰে বুলি মাছাডো সন্দর্ভত বক্তব্য আগবঢ়ায় ফ্রাইডনেছে৷ দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাত বিগত নির্বাচনত ব্যাপক ৰিগিং আৰু অনিয়মৰ মাজেৰে নিকলাছ মাডুৰো নির্বাচিত হৈছিল৷ ইয়াৰ প্রতিবাদৰ বাবে লৌহমানৱীয়ে আত্মগোপন কৰি আছে৷ গণতান্ত্রিক অধিকাৰ প্রতিষ্ঠাৰ বাবে সংগ্রাম চলাই দেশতে আত্মগোপন কৰি থাকিবলগীয়া হোৱা লৌহমানৱী মাছাডোক ন’বেল বঁটা প্রদান কৰি কমিটীয়ে বিশ্বত গণতান্ত্রিক অধিকাৰ প্রতিষ্ঠাৰ ক্ষেত্রত এক অনন্য ভূমিকা গ্রহণ কৰিলে৷ ইপিনে ভেনিজুৱেলাৰ লৌহমানৱী মাছাডোক ন’বেল বঁটা প্রদান কৰি মার্কিন ৰাষ্ট্রপতি ট্রাম্পক বঞ্চিত কৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে শান্তিৰ ন’বেল বঁটা বিতর্কৰ উর্ধ্বত নহয়৷ এইবেলিও ৰাষ্ট্রপতি ট্রাম্পৰ বিপৰীতে ভেনিজুৱেলাৰ মাছাডোক এই বঁটা প্রদান কৰাক লৈ বিতর্কৰ সৃষ্টি নোহোৱা নহয়৷ কিয়নো ন’বেল কমিটীয়ে শান্তিৰ ন’বেল ঘোষণা কৰাৰ পূর্বে ৰাষ্ট্রপতি ট্রাম্পক ন’বেল বঁটা প্রদান কৰাৰ বাবে সমর্থন জনায় ৰাছিয়াই৷ বিশ্ব ৰাজনীতিত এটি মুদ্রাৰ ইপিঠি–সিপিঠি হিচাপে জনাজাত আমেৰিকা আৰু ৰাছিয়াই শান্তিৰ ন’বেল বঁটাৰ বাবে একত্রিত হোৱাটো বিশ্ব ৰাজনীতিৰ বাবেই নতুন দিশ বুলি চর্চিত হৈছে৷ বিতর্ক হ’লেও বিশ্বত গণতান্ত্রিক অধিকাৰৰ বাবে সংগ্রাম চলোৱা ভেনিজুৱেলাৰ বিৰোধী নেত্রী মাছাডোক শান্তিৰ ন’বেল বঁটা আগবঢ়োৱাটো বিশ্বৰ বাবেই এক ইতিবাচক খবৰ বুলি ক’ব পাৰি৷