নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গৌৰীপুৰত ১৪টাকৈ চোৰাং উট উদ্ধাৰ : গোপনে বাংলাদেশলৈ প্ৰেৰণৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : ধুবুৰী জিলাৰ গৌৰীপুৰৰ এটা ইটাভাতাৰ সমীপত ট্ৰাক এখনৰ পৰা নমাই থকা অৱস্থাত ১৪টাকৈ চোৰাং উট জব্দ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি গৌৰীপুৰৰ চাৰালডাংগা অঞ্চলৰ এটা ইটাভাতাৰ সমীপত ইউপি-১৭ বিটি-৫৭১৯ নম্বৰৰ এখন ট্ৰাকেৰে অনা ১৪টাকৈ উট নমাই থকাৰ বিষয়ে অৱগত হৈ গৌৰীপুৰ আৰক্ষীৰ দলে এক অভিযান চলায়। আৰক্ষী অহাৰ উমান পাই উট সৰবৰাহকাৰীৰ দলটোৱে উটসহ ট্ৰাকখন এৰি পলায়ন কৰে যদিও উটকেইটা আৰু ট্ৰাকখন জব্দ কৰে। ইতিমধ্যে উট সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহত গৌৰীপুৰৰেই শিলাইৰপাৰ গাঁৱৰ সহিদুৰ ৰহমানক আটক কৰি সোধা-পোছা চলাই আছে।

উদ্ধাৰ হোৱা উটকেইটা বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা বুলি সন্দেহ কৰা হৈছে। সম্প্ৰতি কিদৰে উটবাহী ট্ৰাক এখন অনায়াসে অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল, সেই প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like