নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱিতকালত টকাৰ বাবে ব্যৱহাৰ কৰা হৈছিল জুবিন গার্গক, এছআইটিৰ জেৰাত শতাব্দী বৰাৰ বিস্ফোৰণ

বিশেষ বাৰ্তা, ১২ অক্টোবৰ : প্রিয় শিল্পীৰ ৰহস্যজনক মৃত্যুৰ প্রকৃত কাৰণ জানিবলৈ প্রতিগৰাকী অসমীয়াই উৎসুক হৈ থকাৰ সময়তে বহু নতুন তথ্য লাভ কৰিছে এছআইটিয়ে৷ যোৱা ২৭ ছেপ্টেম্বৰৰ পৰা এছআইটিয়ে শিল্পীগৰাকীৰ সৈতে নিকট সম্পর্ক থকা ২০জনৰো অধিক লোকক জেৰা চলাইছে৷ দিন বাগৰাৰ লগে লগে বহু নতুন নতুন তথ্য লাভ কৰিবলৈ এছআইটিৰ বিষয়া সক্ষম হৈছে৷

প্রকৃতার্থত জীৱিত সময়ছোৱাত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গার্গক যে কেৱল নিজৰ স্বার্থ সিদ্ধিৰ বাবে একাংশ লোকে ব্যৱহাৰ কৰিছিল সেয়া বিগত কেইদিনত বিশেষ তদন্তকাৰী গোটৰ মাৰাথন জেৰাত স্পষ্ট হৈ পৰিছে৷ স্বার্থ সিদ্ধিৰ বাবে বহু সময়ত শিল্পীগৰাকীৰ স্বাস্থ্যৰ কোনোধৰণৰ যতন নোলোৱাকৈ কেৱল টকা ঘটা যন্ত্রত পৰিণত কৰিছিল শিল্পীগৰাকীৰ সৈতে একেলগে থকা মেনেজাৰ সিদ্ধার্থ শর্মাই৷ এছআইটিৰ উপর্যুপৰি জেৰাত জুবিন গার্গৰ সৈতে শেহতীয়াকৈ বহু কথাত মনোমালিন্য হোৱাৰ বিষয়েও স্বীকাৰ কৰিছে মেনেজাৰ সিদ্ধার্থ শর্মাই৷

আশ্চর্যজনকভাৱে শিল্পীগৰাকীৰ নামত অনুষ্ঠান পৰিৱেশনৰ পৰা আৰম্ভ কৰি ষ্টুডিঅ’, খাৰঘুলিৰ নির্মীয়মাণ গৃহলৈকে সকলো ক্ষেত্রতে সৰল মনৰ জুবিন গার্গক ব্যৱহাৰ কৰি কেৱল ধনহে লুণ্ঠন কৰিছিল মেনেজাৰ সিদ্ধার্থ শর্মাই৷ এই সন্দর্ভত বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, শিল্পীগৰাকীৰ অনিচ্ছা সত্ত্বেও বিভিন্ন সময়ত একেদিনাই দুটাকৈ অনুষ্ঠান পর্যন্ত পৰিৱেশন কৰিবলৈ হেঁচা প্রয়োগ কৰিছিল সিদ্ধার্থ শর্মাই৷

উল্লেখ্য যে শাৰীৰিক অসুস্থতাৰ বাবে পূর্বে কেইবাবাৰো চিকিৎসাধীন হ’বলগীয়া হৈছিল অসমীয়াৰ আৱেগ জুবিন গার্গ৷ চিকিৎসকৰ নেৰানেপেৰা প্রচেষ্টাৰ বাবেই প্রতিবাৰে জুবিন গার্গ সুস্থ হৈ উঠিছিল৷ তথাপি যথেষ্ট কঠোৰ নিয়মাৱলীৰ মাজেৰে শিল্পীগৰাকীয়ে চলিবলগীয়া হৈছিল৷ কিন্তু দগাবাজ সিদ্ধার্থ শর্মাই টকা ঘটা যন্ত্রলৈ ৰূপান্তৰ কৰা জুবিন গার্গৰ শাৰীৰিক অৱস্থাৰ দিশটো ভালদৰে পর্যবেক্ষণ কৰা নাছিল৷ বহু সময়ত শিল্পীগৰাকীৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈয়ে নিজৰ মতে বিভিন্ন ঠাইত অনুষ্ঠান ৰাখিছিল মেনেজাৰ সিদ্ধার্থই৷ শেহতীয়াকৈ শিল্পীগৰাকীয়ে নিজৰ বহু আকাংক্ষিত ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ কামত ব্যস্ত হৈ থকাৰ পাছতো এটা দিনত দুখনকৈ অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল৷ এসময়ত বাধ্য হৈ শিল্পীগৰাকীয়ে নিজেই এই কথা অতি খঙেৰে সিদ্ধার্থ শর্মাক ক’বলগীয়া হৈছিল৷

মন কৰিবলগীয়া যে খাৰঘুলিত নির্মীয়মাণ গৃহটোৰ ক্ষেত্রতো শিল্পীগৰাকীয়ে নজনাকৈয়ে বহু ধন আত্মসাৎ কৰাৰ অভিযোগ এছআইটিয়ে লাভ কৰিছে৷ এই সন্দর্ভত ইতিমধ্যে উক্ত গৃহটোৰ কেয়াৰটেকাৰ ৰূপে কর্মৰত সাধন নাথক এছআইটিয়ে কেইবাবাৰো জেৰা চলাই বিভিন্ন তথ্য সংগ্রহ কৰিছে৷ বিগত দুটা বছৰৰ পৰাই মেনেজাৰ সিদ্ধার্থ শর্মাৰ সৈতে জুবিন গার্গৰ মনোমালিন্য কিছু বৃদ্ধি হৈছিল৷ আনকি শিল্পীপত্নী গৰিমা শইকীয়া গার্গৰ অজ্ঞাতেই সিদ্ধার্থ শর্মাই শিল্পীগৰাকীৰ সৈতে বহুবাৰ তর্কত লিপ্ত হোৱা বুলিও অভিযোগ উঠিছে৷ এইক্ষেত্রত ‘ৰৈ ৰৈ বিনালে’ শীর্ষক ছবিখনৰ অভিনেত্রী মৌচুমী আলিফাই সংবাদ মাধ্যমত অভিযোগ কৰা মতে, সিদ্ধার্থ শর্মাৰ ব্যৱহাৰ অতি বেয়া আছিল৷ তেওঁ কয়- দূৰণিবটীয়া ঠাইত দুটাকৈ অনুষ্ঠান একেদিনাই ৰখা বাবে সকলোৰে সন্মুখত শিল্পীগৰাকীয়ে মেনেজাৰ সিদ্ধার্থ শর্মাক গালি পাৰিছিল৷ স্বাস্থ্যৰ কথা এবাৰলৈও তেওঁলোকে নাভাবে বুলিও প্রশ্ণ কৰিছিল জুবিন গার্গে৷

বহু সময়ত সিদ্ধার্থ শর্মাৰ সৈতে একেলগে শিল্পীগৰাকীক লুণ্ঠন চলোৱাত সহায় কৰিছিল সতীর্থ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীয়ে৷ জোনালী ষ্টুডিঅ’ নির্মাণৰ সময়তো অধিক খৰচ হোৱা বুলি কৈ শেখৰজ্যোতি গোস্বামীয়ে প্রায় ১৬ লাখ টকা শিল্পীগৰাকীৰ পৰা লুণ্ঠন চলোৱাৰ কথা ইতিমধ্যে বিভিন্ন মাধ্যমত স্পষ্ট হৈ পৰিছে৷ তাৎপর্যপূর্ণভাৱে যোৱা ১৬ ছেপ্টেম্বৰত ছিংগাপুৰলৈ যোৱাৰ পূর্বে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ সৈতে হোৱা অন্তৰংগ আলাপতো জুবিন গার্গে কাৰো নাম উল্লেখ নকৰাকৈ কেৱল কৈছিল– ডে মেড মি মেচিন৷ কোনে তেওঁক যন্ত্রলৈ ৰূপান্তৰ কৰিলে সেই কথাও সাহিত্যিকগৰাকীয়ে নিজৰ প’ডকাষ্টত শিল্পীগৰাকীৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছিল যদিও অন্তৰৰ কথা গোপনে ৰাখি জুবিন গার্গে মাথোঁ কৈছিল– দ্য পিপল ৷ সেইধৰণৰ আচৰণ তেওঁ কোনো কাৰণতে বিচৰা নাছিল বুলি মন্তব্য কৰি আৱেগিকভাৱে জুবিন গার্গে কৈছিল- যেতিয়া বুঢ়া হ’ম, তেতিয়া কেইটা আহে চাম৷ কাকতালীয়ভাৱে প্রিয় শিল্পীগৰাকীৰ অনাকাংক্ষিত মৃত্যুৰ পাছত এই কথা আখৰে আখৰে মিলি গৈছে৷

শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ বিশেষ তদন্তকাৰী গোটে চলোৱা মাৰাথন জেৰাত এই কথা সম্প্রতি অলপ অলপকৈ পোহৰলৈ আহিবলৈ ধৰিছে৷ এক অর্থত ক’বলৈ হ’লে দালাল শ্যামকানু মহন্তৰ পৰা মেনেজাৰ সিদ্ধার্থ শর্মা, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীকে ধৰি সকলোৱে মিলি অসমীয়াৰ প্রিয় শিল্পীগৰাকীক এটা যন্ত্রলৈহে পৰিৱর্তন কৰিছিল৷ কালি এছআইটিৰ জেৰা অব্যাহত ৰাখি শিল্পীগৰাকীৰ একালৰ সহযোগী গায়িকা শতাব্দী বৰাৰ ভাষ্য গ্রহণ কৰে৷ বিগত কিছুদিন পূর্বে সামাজিক মাধ্যমযোগে শতাব্দী বৰাই মেনেজাৰ সিদ্ধার্থক লৈ কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷ তিনি বছৰে জুবিন গার্গক এটকাৰো হিচাপ নিদিয়া সিদ্ধার্থ শর্মাৰ বাবেই নিজৰ সপোনৰ গৃহটো নির্মাণৰ সময়তো টকাৰ অভাৱত পৰিবলগীয়া হৈছিল অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গার্গ৷ অকল সেয়াই নহয়, দিন যোৱাৰ লগে লগে জুবিন গার্গৰ খোৱা–লোৱাৰ প্রতি দৃষ্টি ৰখাতো বাদেই, সুৰাপান নিয়ন্ত্রণ কৰাৰো কোনোধৰণৰ চেষ্টা মেনেজাৰ সিদ্ধার্থ শর্মাই নকৰাৰ গুৰুতৰ অভিযোগ গায়িকা শতাব্দী বৰাই সামাজিক মাধ্যমযোগে কৰিছিল৷ কালি এছআইটিৰ সন্মুখত সকলোখিনি কথা স্পষ্টকৈ অৱগত কৰা বুলি তেওঁ সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে৷ অৱশ্যে তদন্তৰ খাতিৰত সকলোখিনি কথা সংবাদ মাধ্যমৰ আগত কোৱাৰ পৰা বিৰত থকা শতাব্দী বৰাই এছআইটিৰ তদন্তৰ প্রতি আস্থা প্রকাশ কৰি কয় যে মোৰ বিশ্বাস– দাদাই ন্যায় পাব৷ অহা ১৩ অক্টোবৰত আদালতত নিজৰ ভাষ্য প্রদান কৰিব বুলিও তেওঁ লগতে কয়৷

You might also like