নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুতৰ খুচুৰা বজাৰ বেচৰকাৰী সংস্থাক অর্পণ কৰিবলৈ কেন্দ্রৰ নতুন বিধেয়ক

🔹 দেশজুৰি বিদ্যুৎ সৰবৰাহৰ দায়িত্ব কোম্পানীক! 

নিউজ ডেস্ক, ১২ অক্টোবৰ : সমগ্র দেশতে বিদ্যুৎ সৰবৰাহ কৰিব বেচৰকাৰী সংস্থাই! দেশৰ বিদ্যুতৰ খুচুৰা বজাৰ অর্পণ কৰা হ’ব বেচৰকাৰী সংস্থাক৷ এই সন্দর্ভত কেন্দ্রীয় চৰকাৰে এখন নতুন বিধেয়ক অনাৰ প্রস্তুতি চলাইছে৷ ইতিমধ্যে নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে বেচৰকাৰী সংস্থাক সমগ্র দেশতে বিদ্যুৎ সৰবৰাহৰ দায়িত্ব অর্পণ কৰাৰ বাবে বিধেয়কৰ খচৰা প্রস্তুত কৰিছে৷ ৰয়টাৰৰ প্রতিবেদন মতে, চৰকাৰী খণ্ডৰ বিদ্যুৎ সংস্থাসমূহৰ হাতৰ পৰা কেন্দ্রীয় চৰকাৰখনে দায়িত্ব কাঢ়ি লৈ বেচৰকাৰী সংস্থাসমূহৰ ওপৰত অর্পণ কৰাৰ পৰিকল্পনাৰে মোদী চৰকাৰে নতুন বিধেয়কৰ খচৰা প্রস্তুত কৰিছে৷ চৰকাৰে নতুন বিধেয়কৰ জৰিয়তে বিদ্যুৎ সৰবৰাহৰ দায়িত্ব বেচৰকাৰী সংস্থাক দিলে গ্রাহক আৰু সংস্থা উভয়ৰে সুবিধা হ’ব বুলি যুক্তি প্রদর্শন কৰিছে৷

মন কৰিবলগীয়া যে সম্প্রতি দেশৰ অধিকাংশ অঞ্চলতে বিদ্যুৎ সৰবৰাহ কৰি আছে ৰাজহুৱা খণ্ড তথা চৰকাৰী সংস্থাই৷ ৰাজধানী দিল্লী সংলগ্ণ অঞ্চল ওড়িশা, মহাৰাষ্ট্র, গুজৰাটৰ লগতে কলকাতাৰ দৰে চহৰত বেচৰকাৰী সংস্থাই বিদ্যুৎ সৰবৰাহ কৰি আছে৷ বাকী দেশৰ বেছিভাগ অঞ্চলতে চৰকাৰী সংস্থাই বিদ্যুৎ সৰবৰাহ কৰি আহিছে৷ তথ্য মতে, এই চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ সংস্থাসমূহৰ অধিকাংশই লোকচানৰ সন্মুখীন হৈ আছে৷ কিছুসংখ্যক ৰুগ্ণ হৈ পৰিছে৷ কিছুসংখ্যকৰ বাবে চৰকাৰে ঋণৰ বোজা কঢ়িয়াব লগা হৈছে৷ এনে পৰিপ্রেক্ষিততে সমগ্র দেশতে বেচৰকাৰী সংস্থাৰ হাতত বিদ্যুতৰ খুচুৰা বজাৰ অর্পণ কৰাৰ সিদ্ধান্ত লৈছে৷ চৰকাৰৰ এই পৰিকল্পনাৰ বিৰোধ কৰিছে অনেক সংগঠনে৷ কিয়নো নতুন আইন হ’লে গ্রাহকৰ খৰচ বৃদ্ধি পাব৷ লাভৱান হ’ব আদানিকে ধৰি কর্প’ৰেট গোষ্ঠী৷

You might also like