নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মৃণাল শৰ্মা পৰিয়ালসহ দুসপ্তাহে সন্ধানহীন

নিৰুদ্দেশ হোৱা দিনটোৰ পৰা সাংবাদিক গৰাকীৰ লগতে পত্নী আৰু পুত্ৰৰো মোবাইল ফোন বন্ধ হৈ আছে বুলি প্ৰকাশ কৰিছে আত্মীয়ই৷

পত্নী-পুত্ৰসহ প্ৰায় দুসপ্তাহে সন্ধানহীন হৈ আছে তেজপুৰৰ এজন জ্যেষ্ঠ সাংবাদিক মৃণাল শৰ্মা৷ মাজগাঁও খৰাআটি শালিকীটিকা নিবাসী সাংবাদিক শৰ্মা ২৯ ছেপ্টেম্বৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকাৰ বাতৰি পোহৰলৈ আহিছে৷

সাংবাদিক শৰ্মাৰ লগতে পত্নী কল্পনা বৰকটকী (৪৬) আৰু একমাত্ৰ সন্তান বাস্তৱ মধুকল্য (১০) একেটা দিনৰ পৰা সন্ধানহীন হৈ আছে৷

উল্লেখযোগ্য যে,সুদীৰ্ঘকাল ধৰি ৰাজ্যৰ আগশাৰীৰ কেবাখনো বাতৰি কাকতত  সেৱা আগবঢ়োৱা সাংবাদিক মৃণাল শৰ্মা শেহতীয়াকৈ এটা নিউজ পৰ্টেলৰ স’তে জড়িত আছিল৷ নিৰুদ্দেশ হোৱা দিনটোৰ পৰা সাংবাদিক গৰাকীৰ লগতে পত্নী আৰু পুত্ৰৰো মোবাইল ফোন বন্ধ হৈ আছে বুলি প্ৰকাশ কৰিছে আত্মীয়ই৷

এনে অৱস্থাত পৰিয়ালে বহু বিচাৰ কৰিও এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই সাংবাদিকসহ তিনিজনীয়ৰ পৰিয়ালটোৰ৷ ৰহস্যজনকভাৱে পৰিয়ালসহ সাংবাদিকজন নিৰুদ্দেশ হোৱা ঘটনা সন্দৰ্ভত স্হানীয় মহাভৈৰৱ আৰক্ষী চকীত অৱগত কৰিছে পৰিয়ালৰ লোকে৷ সাংবাদিক শৰ্মাৰ পত্নী কল্পনা বৰকটকীৰ জ্যেষ্ঠ ভাতৃয়ে লিখিতভাৱে আৰক্ষীক অৱগত কৰিছে ১০ অক্টোবৰ তাৰিখে৷ দুসপ্তাহ ধৰি জ্যেষ্ঠ সাংবাদিক গৰাকীৰ পৰিয়াল সন্ধানহীন হোৱাক লৈ তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আৰক্ষীয়েও বৰ্তমানলৈকে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই এই পৰ্যন্ত৷ সাংবাদিক সংগঠন জাফা-ৰ এটা সময়ৰ জিলা সম্পাদক গৰাকীৰ লগতে পৰিয়াল নিৰুদ্দেশৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰিছে জাফাই৷ জাফা-ৰ বৰ্তমানৰ কেন্দ্ৰী সাংগঠনিক সম্পাদক তথা শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ নাথৰ লগতে কেন্দ্ৰীয় উপসভাপতি তথা জিলা সভাপতি প্ৰশান্ত মহন্তই এই ক্ষেত্ৰত শোণিতপুৰ তথা তেজপুৰ আৰক্ষীক বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিবলৈ দাবী জনাইছে৷

বিশেষ বাৰ্তা , তেজপুৰ, ১৪ অক্টোবৰ

You might also like