সেহৱাগৰ পত্নীৰে প্রেম ব’ৰ্ডৰ নতুন সভাপতিৰ ! কার্যভাৰ গ্রহণ কৰি বিতর্কত মিঠুন মানহাছ
নিউজ ডেস্ক, ১৪ অক্টোবৰ : সম্প্রতি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্রহণ কৰিছে মিঠুন মানহাছে৷ বিশেষ এটা পৰিচিত নাম নহয় যদিও দিল্লীৰ এইগৰাকী প্রাক্তন ক্রিকেটাৰে দীর্ঘদিন ধৰি ক্রিকেটৰ গুৰুত্বপূর্ণ বিষয়া হিচাপে কার্যনির্বাহ কৰি আহিছে৷ ব’ৰ্ডৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰাৰ পিছতে মানহাছৰ বিতর্কক লৈ জল্পনা–কল্পনা আৰম্ভ হৈছে৷
৭ অক্টোবৰত এগৰাকী আগশাৰীৰ সাংবাদিক অভিষেক ত্রিপাঠীৰ এটা পোষ্টে মানহাছৰ উক্ত জল্পনা–কল্পনাক আৰু অধিক বৃদ্ধি কৰি তুলিছে৷ এক বার্তালাপত সাংবাদিকগৰাকীয়ে কয় যে টীম ইণ্ডিয়াৰ প্রাক্তন বিস্ফোৰক অ’পেনাৰ বীৰেন্দ্র সেহৱাগৰ পত্নীৰ সৈতে মিঠুন মানহাছৰ সম্পর্ক বহুত ভাল৷ ইয়াৰ আঁৰত আন এটা কাহিনী আছে, যিটো মই ইয়াত ক’ব নোৱাৰোঁ৷ অৱশ্যে পিছত সেই পোষ্টটো ডিলিট কৰে সাংবাদিক অভিষেক ত্রিপাঠীয়ে৷
উক্ত পোষ্ঠটোত ত্রিপাঠীয়ে অতীতৰ বিতর্ক এটা উত্থাপন কৰিছিল৷ য’ত মুৰলী বিজয়ে দীনেশ কার্তিকৰ পত্নী নিকিতাৰ সৈতে প্রেমৰ সম্পর্কত লিপ্ত হৈছিল৷ পিছত কার্তিকৰ বিচ্ছেদ হোৱাৰ পিছত নিকিতাক মুৰলী বিজয়ে বিয়া কৰায়৷ গতিকে, এই পোষ্টৰ পিছতে মিঠুন মানহাছৰ সৈতে সেহৱাগৰ পত্নী আৰতিৰ সর্ম্পকক লৈ জল্পনা–কল্পনা আৰম্ভ হৈছে৷