নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সেউজীয়া দীপাৱলী

পুৰাণ আৰু বৈদিক কাহিনীত দীপাৱলী-ৰ লগত লক্ষ্মীৰ জন্ম (সমুদ্র মন্থন), কৃষ্ণই নৰকাসুৰক বধ কৰা আদি নানা ধর্মীয় ঘটনাৰ উল্লেখ পোৱা যায়৷

কেইদিনমান পাছতেই সমগ্র ভাৰততে উদযাপন হ’ব পোহৰৰ উৎসৱ দীপাৱলী৷ দীপাৱলীৰ লগত কোনো পূজা বা বিশেষ আৰাধ্য দেৱতাৰ সংযোগ নাই, ই মাথোঁ পোহৰৰ কথা উদযাপন কৰা এটা উৎসৱ৷ লংকা বিজয় কৰি ৰাম আযোধ্যালৈ উভতি অহা আনন্দ উপভোগৰ বাবে তাৰ প্রজাবৃন্দই এই উৎসৱ পালন কৰিছিল বুলি কোৱা হয় যদিও সেই বিজয় উৎসৱৰ লগত পোহৰৰ দার্শনিক অর্থৰ সম্বন্ধ বিচাৰি পোৱা অলপ কঠিন হয়৷ মহাভাৰতত পাণ্ডৱৰ বনবাস শেষ হোৱাৰ দিনটোতো এনে পোহৰৰ উৎসৱ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে৷

পুৰাণ আৰু বৈদিক কাহিনীত দীপাৱলীৰ লগত লক্ষ্মীৰ জন্ম (সমুদ্র মন্থন), কৃষ্ণই নৰকাসুৰক বধ কৰা আদি নানা ধর্মীয় ঘটনাৰ উল্লেখ পোৱা যায়৷ এইদৰে পুৰণি ভাৰতীয় গ্রন্থত দীপাৱলীক বিজয়, সম্পদ, ভক্তি আৰু সামাজিক জীৱনৰ নৱ উজ্জীৱনৰ ডৎসৱ হিচাপে দেখা হৈছে৷ এই উৎসৱৰ স’তে হিন্দুধর্মৰ উপাসনা আচাৰৰ বিশেষ সম্বন্ধ নাই বাবে আন বহু ধর্মীয় গোটেও এই উৎসৱ পালন কৰে৷ দীপাৱলীৰ আনন্দ–উৎসৱৰ অংগ হিচাপে আতচবাজী জ্বলোৱাটো এটা প্রাচীন পৰম্পৰা৷

অকল দীপাৱলীয়েই নহয়, বিয়া–বাৰুকে ধৰি তেনেকুৱা মংগল উৎসৱত আতচবাজীৰ ব্যৱহাৰ এটা স্বাভাৱিক কথা আছিল৷ অৱশ্যে, বর্তমান সময়ত বিশেষকৈ দীপাৱলীৰ সময়ত এই আতচবাজীৰ ব্যৱহাৰৰ মাত্রা ইমানেই বাঢ়ি গৈছে যে বায়ু আৰু ধবনি প্রদূষিত কৰি নাগৰিকৰ বাবে যন্ত্রণাৰ কাৰক হৈ থিয় দিছে৷ দিল্লী, কলকাতা আদি মেট্ৰ’ চিটীত বিগত বছৰৰ পৰিসংখ্যাই দেখুৱাইছে, দীপাৱলীৰ নিশা শ্বাসগ্রহণযোগ্য কণিকাৰ মাত্রা থাকিবলগীয়া পিএম ২.৫ৰ পৰা ২,০০০ মাইক্রোগ্রাম ঘনমিটাৰলৈ বৃদ্ধি পাইছিল আৰু এয়া আছিল ৰাষ্ট্রীয় সীমাতকৈ তেত্রিছ গুণ অধিক৷ শব্দৰ পৰিমাণে ৮০ দশমিক ৮৭ ডেছিবল পর্যন্ত বৃদ্ধি পাইছিল, যিটো জনস্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক৷

দীপাৱলীৰ পাছৰ দিনবোৰত শ্বাস–প্রশ্বাস আৰু হূদৰোগ সম্পর্কীয় সমস্যাৰ ৰোগী ২৫–৩০ শতাংশ বৃদ্ধি হোৱা দেখা যায়৷ বিভিন্ন অধ্যয়নে প্রকাশ কৰিছে যে দীপাৱলীৰ নিশা শ্বাসগ্রহণযোগ্য কণিকাৰ মাত্রা সাধাৰণৰ তুলনাত ৫–৯ গুণ বৃদ্ধি পায়, যিটো বিশেষকৈ হাপানীত আক্রান্ত ব্যক্তি, শিশু আৰু বৃদ্ধৰ বাবে অতি বিপজ্জনক৷ তৎকালীনভাৱে কাহ, শ্বাস–প্রশ্বাসত অসুবিধা, চকু আৰু নাকত জ্বলন ইত্যাদি দেখা যায়৷ আনহাতে, দীঘলীয়া সময়ত হৃদৰোগ, হাঁওফাঁওৰ কেঞ্চাৰ আৰু শ্বাস–প্রশ্বাস ৰোগ বৃদ্ধি পায়৷ দীপাৱলীত ব্যৱহৃত আতচবাজীৰ পৰা ওলোৱা বিষাক্ত ধাতু যেনে– এলুমিনিয়াম, মেংগানিজ, কেডমিয়াম আদি বহু দিনলৈকে বতাহত উৰি থাকে আৰু ই স্বাস্থ্য বিপর্যয়ৰ কাৰণ হৈ পৰে৷ এই বিপদবোৰ আঁতৰাই ৰাখিবলৈ সচেতনভাৱে এই দীপাৱলীক সেউজীয়া উৎসৱলৈ সলনি কৰাটো প্রয়োজনীয় হৈ পৰিছে৷

জনপ্রিয় শিল্পী জুবিন গার্গৰ অকাল বিয়োগ আৰু সেই বিয়োগে সৃষ্টি কৰা শোকাকুল পৰিৱেশৰ লগত মিলাবলৈ এইবাৰৰ দীপাৱলীত আতচবাজী বর্জন কৰিবলৈ কিছুসংখ্যক জুবিনপ্রেমীয়ে আহ্বান জনাইছে৷ এই আহ্বানৰ যুক্তিযুক্ততা প্রসংগতো প্রশ্ণ উদয় হৈছে৷ অসমৰ বৰপেটাৰ গণককুছি গাঁৱত ১৪০ বছৰৰ আগৰ পৰাই দেশীয় প্রণালীত আতচবাজী নির্মাণ কৰা হৈ আহিছে৷

এই আতচবাজীৰ প্রধান বৈশিষ্ট্য হ’ল কম শব্দ, কোমল পোহৰ আৰু ৰাসায়নিকমুক্ত উৎপাদন প্রক্রিয়া৷ বিহু ফাংচনবোৰ গায়ক–গায়িকাৰ মূল উপার্জনৰ মূল সময় হিচাপে ধৰাৰ দৰে এই লোকশিল্পীসকলৰ বাবে দীপাৱলীৰ সময়খিনিয়েই মূল ব্যবসায়ৰ সময়৷ দীপাৱলীত আতচবাজী বাদ দিলে এইখিনিলোকেই আটাইতকৈ ক্ষতিগ্রস্ত হ’ব আৰু তাতকৈও ডাঙৰ কথা হ’ল শতিকা পুৰণি থলুৱা উদ্যোগ এটাৰ সীমিতসংখ্যক চর্চাকাৰীৰ মনোবল আঘাতপ্রাপ্ত হ’ব৷ জুবিন গার্গৰ বিয়োগত সমগ্র অসমেই দুখ পাইছে, সেই দুখৰ প্রকাশ সর্বত্র প্রতিফলিত হৈছে৷ এয়া স্বতঃস্ফূর্ত আছিল৷

কিন্তু এতিয়া এই শোকপ্রকাশৰ বাবে আদেশ দিয়াটো সামাজিক শৃংখলাৰ পৰিপন্থী হৈছে৷ শোক প্রকাশ কৰিছে কাৰণেই চিনেমা, ভ্রাম্যমাণ থিয়েটাৰ, সুৰা বিপণী আদি বন্ধ কৰিবলগীয়া কাৰণ থাকিব নোৱাৰে৷ একে কথা দীপাৱলীৰ ক্ষেত্রতো সমানেই প্রযোজ্য৷ এটা কথা ঠিক যে সমাজৰ কিছুমান লোকে বিভিন্ন ধৰণে বর্তমানৰ চৰকাৰ আৰু হিন্দু সমাজক আক্রমণ কৰাৰ সুবিধা বিচাৰি থাকে৷ আতচবাজী বর্জনৰ নেপথ্যতো তেনে চিন্তাই কাম কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷

দীপাৱলীৰ আচল মর্ম হ’ল পোহৰৰ বিজয় আৰু সংস্কৃতিৰ উজ্জীৱন৷ পৰিৱেশ সুৰক্ষা আৰু পৰম্পৰা ৰক্ষা কৰি, আতচবাজীৰ ব্যৱহাৰ সীমিত ৰাখি, স্থানীয় ব্যৱসায়িক শিল্পক শক্তি যোগান আৰু সুৰক্ষিত কৰি, সেডজীয়া ৰীতি–নীতিৰে দীপাৱলী পালন কৰাটোহে বর্তমান সময়ৰ দাবী৷

You might also like