নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, জুবিন গাৰ্গ-ৰ ন্যায় দাবীত অনুৰাগীৰ প্ৰতিবাদ

অনুৰাগীয়ে “জয় জুবিনদা” আৰু “We Want Justice” ধ্বনিৰে কাৰাগাৰৰ সন্মুখত ভিৰ কৰে।

বাক্সা জিলা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকসহ ৫ অভিযুক্তক কাৰাগাৰত সোমোৱাৰ লগে লগে হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰে।

অনুৰাগীয়ে “জয় জুবিনদা” আৰু “We Want Justice” ধ্বনিৰে কাৰাগাৰৰ সন্মুখত ভিৰ কৰে। আৰক্ষীৰ গাড়ীলৈ কিছুমান স্থানত অনুৰাগীয়ে শিলগুটি নিক্ষেপ কৰে, ফলত কিছু লোক আহত হয়। তাৰ মাজত আৰক্ষীৰ লোকো আছে।

জুবিনৰ অনুৰাগীয়ে শ্যামকানু আৰু সিদ্ধাৰ্থক উদ্দেশ্য কৰি প্ৰতিবাদ কৰিছে আৰু কয়, “কথা এটাই, আমাক ন্যায় লাগে।”

উত্তপ্ত পৰিস্থিতিৰ মাজতে বাক্সা কাৰাগাৰৰ আলহী হল ৫ অভিযুক্ত। ইফালে ৰাজপথ জুবিনৰ ন্যায়ৰ দাবীৰ বাবে হৈ পৰিছে প্ৰতিবাদ আৰু উত্তেজনাপূৰ্ণ।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ

You might also like