পাথাৰকান্দিৰ দোহালিয়া-ঘিলৌৰটকত প্ৰশাসন উচ্ছেদ অভিযান
শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ দোহালিয়াত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। দুটা দলত বিভক্ত হৈ দুইফালে চলি আছে উচ্ছেদাভিযান। দোহলিয়া আৰু ঘিলৌৰটক এলেকাৰ ঘৰবাৰী আৰু দোকান পোহাৰ মিলি ২৮ অবৈধ দখলদাৰীক উচ্ছেদ চলোৱা হৈ আছে।
কথা মতে কাম। যোৱা ১ ছেপ্টেম্বৰত মহিলা উদ্যমীকৰণৰ চেক বিতৰণ অনুষ্ঠানত পাথাৰকান্দিত আহি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবেলি বৰাক উপত্যকাতো হব উচ্ছেদ অভিযান। সেই অনুসৰি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে আজি আৰম্ভ হৈছে উচ্ছেদ অভিযান।
অৱশ্যে বহু লোকে ইতিমধ্যেই টালি-টোপোলা বান্ধি গুচি গৈছে তেওঁলোক। পূৰ্বে দোহলিয়া শিৱবাৰী এলেকা আৰু ঘিলৌৰটক এলেকাৰ ঘৰবাৰী আৰু দোকান পোহাৰ মিলি ২৮জনক দিয়া হৈছিল উচ্ছেদৰ জাননী।
আজি সম্পূৰ্ণ সাজু হৈ প্ৰশাসনে চলাই আছে উচ্ছেদ অভিযান। অসম আৰক্ষীৰ লগতে কমাণ্ডো আৰু চি আৰ পি এফ বাহিনী উপস্থিত হৈছে। উচ্ছেদ অভিযানত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংগঠিত নহয় তাৰ বাবে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ