জল সংকট
‘পানী মৰে পিয়াহত অগ্নি মৰে জাৰত’ আপ্তবাক্যশাৰীৰ অর্থ বিশাল৷ আমি সাধাৰণভাৱে ক’বলৈ হ’লে পানীৰ মাজত থাকিও পানী খাবলৈ নাপাই পিয়াহত মৃত্যুবৰণ কৰাটোক বুজি ল’ব পাৰোঁ৷ সাম্প্রতিক বিশ্বত এনে এক পৰিস্থিতিৰে সৃষ্টি হৈছে৷ পানী আছে কিন্তু খাবলৈ, ব্যৱহাৰ কৰিবলৈ বিশুদ্ধ পানীৰ নাটনি চলি আছে৷ এনে পৰিপ্রেক্ষিতত বিশ্বজুৰি জল সংকট এক ভয়াৱহ সমস্যাৰূপে পৰিগণিত হৈছে৷ পৃথিৱীৰ ভূ–ভাগতকৈ জলভাগ অধিক যদিও বিশ্বৰ বিভিন্ন দেশত বিশুদ্ধ খোৱাপানীকে ধৰি আন প্রয়োজনীয় পানীৰ নাটনি চলি আছে আৰু পৰৱর্তী দিনবোৰত পানীৰ তীব্র নাটনিয়ে মানৱ জাতিক সংকটত পেলোৱাটো নিশ্চিত হৈছে৷ জল সংকট ইমানেই ভয়াৱহ হৈছে যে পানীৰ বাবে এখন যুদ্ধৰ সম্ভাৱনা প্রকট হৈ থাকে৷ পৃথিৱীৰ মুঠ জনসংখ্যাৰ দুই তৃতীয়াংশ অর্থাৎ ৪০০ কোটি লোকে বছৰি অতি কমেও এমাহৰ কাৰণে পানীৰ অতি নাটনিৰ সন্মুখীন হয়৷ ২০০ কোটিতকৈ অধিক লোক এতিয়াও পানী যোগান তথা পানী লাভ কৰাৰ পর্যাপ্ত ব্যৱস্থাৰ পৰা বঞ্চিত হৈ আছে৷ অর্থাৎ ২০০ কোটি লোকে পানী নথকা অঞ্চলত দুর্বিষহ জীৱন কটাই আছে৷ সম্ভাৱনা মতে ২০২৫ চনৰ পূর্বে তথা ২–৩ বছৰৰ ভিতৰত পৃথিৱীৰ মুঠ জনসংখ্যাৰ আধা লোকে পানীৰ নাটনিৰ সন্মুখীন হ’ব৷ আনপিনে, ২০৩০ চনৰ ভিতৰত পানীৰ ভয়াৱহ নাটনিৰ ফলত ৭০ কোটি লোক ভগনীয়া হ’ব লাগিব৷ তেনেদৰে ২০৪০ চনৰ ভিতৰত বিশ্বজুৰি ৪টা শিশুৰ ভিতৰত এটাই অতি ভয়াৱহ পানীৰ নাটনিৰ অঞ্চলত বসবাস কৰিব লাগিব৷ বিশ্বৰ জল সংকটৰ ছবিখন কিমান ভয়াৱহ এই তথ্যই উদঙাই দিছে৷ আন দেশৰ দৰে ভাৰততো জল সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷
ভাৰত চৰকাৰৰ নীতি নির্ধাৰণকাৰী সর্বোচ্চ সংস্থা নিটি আয়োগে দেশৰ জল সংকটৰ জ্বলন্ত সমস্যাৰ তথ্য প্রকাশ কৰিছে৷ দেশৰ প্রায় ৬০ কোটি লোকে পানীৰ ভয়াৱহ নাটনিৰ সন্মুখীন হৈ আছে৷ দেশৰ পৰিয়ালসমূহৰ এক তৃতীয়াংশই খোৱাপানীৰ নাটনিত ভুগি আছে৷ নিজৰ ঘৰৰ চৌহদত পানী নাটনিৰ বাবে অসুৰক্ষিত জল উৎসৰ ওপৰত নির্ভৰশীল হৈ আছে৷ দুর্ভাগ্যজনক যে দেশত উপলব্ধ পানীৰ ৭০ শতাংশই বিষাক্ত আৰু প্রদূষণৰ বাবে প্রধান প্রধান নদীসমূহ মৰি গৈ আছে৷ প্রদূষণৰ বাবে জলমান সূচাংকত বিশ্বৰ ১২২ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১২০৷ কেন্দ্রীয় ভূ–জলব’ৰ্ডৰ তথ্য মতে, দেশৰ ৭০০খন জিলাৰ ভিতৰত ২৫৬ জিলাত ভূ–জল স্তৰত অতি খনন তথা জটিল খনন চলি আছে৷ বিশ্বৰ প্রান্তে প্রান্তে সৃষ্টি হোৱা জল সংকটৰ সমস্যাতে সমাধানৰ বাবে ইউনেস্ক’ই বহুমুখী প্রযুক্তি ব্যৱহাৰেৰে জল সুৰক্ষিত কৰিবলৈ ব্যৱস্থা গ্রহণ কৰিছে৷ আনকি সুৰক্ষিত জল বৃদ্ধি কৰিবলৈ পদক্ষেপ লৈছে৷ জল সংকটৰ মূল কাৰকসমূহ চিনাক্ত কৰি সেইবোৰ নিয়ন্ত্রিত কৰাৰ পৰিকল্পনা সাজু কৰি লৈছে৷ নতুন জল উৎস, জল উৎস উন্নীতকৰণ, চহৰত চলি থকা পানীৰ নাটনিৰ বাবে বিশেষ পৰিকল্পনা, জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ প্রযুক্তিৰ প্রসাৰণ, পানীৰ প্রয়োগত আচৰণ সলনি আদিক লৈ পৰিকল্পনাৰে পানীৰ নাটনি দূৰ কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷ এই পৰিকল্পনাক ফলপ্রসূ কৰিব নোৱাৰিলে মানৱ জাতিৰ বাবে ভৱিষ্যৎ বিপদাপন্ন৷