নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটকটীয়া নিৰাপত্তাৰ মাজেৰে কাৰাগাৰলৈ শেখৰজ্যোতি-অমৃতপ্ৰভা

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : কটকটীয়া নিৰাপত্তাৰ মাজেৰে কাৰাগাৰলৈ লৈ যোৱা হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভাক। শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে আজি চি আই ডি জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত কিছু সময় পূৰ্বে CJM আদালতত হাজিৰ কৰোৱা হয়। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা দুয়োকে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হৈছে কাৰাগাৰলৈ। CJM আদালতৰ পৰা শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্তক লৈ ৰাওনা হয় Prisoner Van। আদালতলৈ নিয়াৰ পূৰ্বে দুয়োৰে স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰা হয়। দুয়োকে মৰিগাঁও কাৰাগাৰলৈ লৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। বাক্সা কাণ্ডৰ পাছতে অধিক তৎপৰ হৈছে অসম আৰক্ষী। উল্লেখ্যে যে ২ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল শেখৰজ্য়োতি আৰু অমৃতপ্ৰভা।

অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই কোনখন কাৰাগাৰলৈ লৈ যোৱা হৈছে শেখৰজ্য়োতি আৰু অমৃতপ্ৰভাক।

You might also like