কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জাওকাটাদিয়া নৱজ্যোতি ক্লাবৰ উদ্যোগত ১৫ আৰু ১৬ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম ভিত্তিত নাওখেল প্ৰতিযোগিতাৰ কালি সন্ধিয়া সফল সামৰণি পৰে। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত নাওখেল প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সাতখনকৈ নাৱৰ দলে অংশগ্ৰহণ কৰে।
জানিব পৰা মতে, উত্তেজনাপূৰ্ণ নাও খেলৰ চূড়ান্ত খেলত ৰাজমাতা নাওখনে প্ৰথম পুৰস্কাৰ হিচাপে ৭১,১১১ টকাৰ সৈতে লাভ কৰে ট্ৰফী। দ্বিতীয় স্থান দখল কৰা ছুৱহানা নামৰ নাওখনে ৬১,১১১ টকাৰ সৈতে লাভ কৰে ট্ৰফী৷
ইপিনে, জাওকাটা কলহী নৈত অনুষ্ঠিত নাওখেল প্ৰতিযোগিতাৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ অগণন পুৰুষ-মহিলা, বৃদ্ধ, শিশুৱে ভিৰ কৰা পৰিলক্ষিত হয়। তদুপৰি নাও খেলত প্ৰতিখন নাওৰ বাইছাসকলে বিভিন্ন ধৰণৰ গীত গাই, নাচি-বাগি উপস্থিত দৰ্শকক আনন্দ দিয়া দেখা যায়। খেলৰ শেষত ক্লাবৰ পৰা বিজয়ী দল দুটাৰ মাজত বঁটা বিতৰণ কৰা হয়৷
নিয়মীয়া বাৰ্তা, সোণতলী, ১৭ অক্টোবৰ