বাক্সা জিলাৰ নতুন বৰলা গাঁও নিৱাসী বিশিষ্ট নাট্যকাৰ, অভিনেতা হেমেন শৰ্মাৰ কালি (১৬ অক্টোবৰ) সন্ধিয়া প্ৰায় ৭.১৫ বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত মৃত্যু হয়। ১৯৩৮ চনত জন্মগ্ৰহণ কৰা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৭ বছৰ।
তেওঁ ১৯৬৯ চনত নটৰাজ থিয়েটাৰত এগৰাকী অভিনেতা হিচাপে প্ৰৱেশ কৰি অভিনয় শিল্পী হিচাপে নাট্য জগতত বলিষ্ঠ পদক্ষেপ আগবঢ়ায়। ইয়াৰ পিছতে ১৯৭০-১৯৭৫ চনলৈ অসম ষ্টাৰ থিয়েটাৰ, ১৯৭৫-১৯৮৫ চনলৈ ৰূপালীম থিয়েটাৰত নিয়মীয়া অভিনয় শিল্পী হিচাপে সেৱা আগবঢ়ায়। এই সময়তে তেওঁ নাটক ৰচনাত মনোনিৱেশ কৰে আৰু “ফুল চন্দন”, “মহাযুদ্ধৰ ঘোঁৰা”, “পবিত্ৰ গংগা কাবেৰী”, “বেলি আবেলি” আৰু “আইজনী” নামৰ নাটককেইখন লিখি উলিয়ায়। পৰৱৰ্তী সময়ত ১৯৮০ চনত তেওঁ নটৰাজ থিয়েটাৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছত ১৯৮২ চনত কহিনুৰ থিয়েটাৰ, ১৯৮৯ চনত অনিৰ্বাণ থিয়েটাৰ, ১৯৯০ চনত দেৱদাসী থিয়েটাৰ, ১৯৯১ চনত পুনৰ নটৰাজ থিয়েটাৰ, ১৯৯৩ তুৰংগম থিয়েটাৰ, ১৯৯৬ সহযাত্ৰী থিয়েটাৰ, ১৯৯৭ চনত অভিযান থিয়েটাৰ আৰু ১৯৯৮ চনৰ পৰা ২০০৩ চনলৈ পাঠশালাৰ ব্ৰহ্মপুত্ৰ থিয়েটাৰত নিয়মীয়া অভিনয় শিল্পী হিচাপে কৰ্তব্য সম্পাদন কৰে। ২০০৩ চনত তেওঁ অভিনয় জগতৰ পৰা অৱসৰ গ্ৰহণ কৰে।
মৃদুভাষী, অমায়িক, সদালাপী বিশিষ্ট অভিনেতাগৰাকীৰ বিয়োগত সমগ্ৰ জালাহ আৰু বাঘমাৰা অঞ্চলত শোকৰ ছাঁ পৰে। মৃত্যুৰ বাতৰি পাই অঞ্চলটোৰ অনেক গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তেওঁ মৃত্যুৰ সময়ত ইহসংসাৰত পত্নী কনকলতা দেৱী, দুই পুত্ৰ আৰু এগৰাকী জীয়াৰীক এৰি যায়।