নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাকপথাৰৰ ঘটনাৰ দায়িত্ব স্বীকাৰ সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ

কাকপথাৰত সেনা শিবিৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিলে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)-এ।

উল্লেখ্য যে যোৱানিশা প্রায় ১২.৩০ বজাত কাকপথাৰৰ সেনা শিবিৰত সংঘটিত হয় এক ভয়ংকৰ আক্রমণ। সেনা শিবিৰলৈ লক্ষ্য কৰি ৩টা UBGL নিক্ষেপ কৰে। সেনা বাহিনীৰ শিবিৰটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণো কৰে। প্ৰায় আধাঘণ্টা ধৰি চলে এই আক্ৰমণ। আক্ৰমণত আহত হয় ৩ সেনা জোৱান। সেনাৰ শিবিৰত আক্ৰমণ কৰিবলৈ এখন ট্ৰাক ব্যৱহাৰ কৰা হৈছিল। পিছত আক্ৰমণ সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা ট্ৰাকখন অসম-অৰুণাচল সীমান্তৰ ন-দিহিং নদীৰ পাৰৰ টেঙাপানীঘাটত উদ্ধাৰ হয়। ট্ৰাকখন উদ্ধাৰ কৰে আৰক্ষীৰ দলে।

এই আক্রমণত আলফা (স্বাঃ) জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল, অৱশেষত উক্ত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে আলফা (স্বাঃ)ই।

ডিজিটেল ডেস্ক, ১৭ অক্টোবৰ

You might also like