প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘটনাৰ ক্ষিপ্ৰ আৰু স্বচ্ছ ন্যায়ৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন তদন্ত আয়োগ গঠন কৰা হয়। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তথ্য প্রদান কৰিব পাৰিব আয়োগত।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এই তদন্ত আয়োগত দিব পাৰিব জবানবন্দী। ঘটনাত কোনো ব্যক্তি জড়িত হৈ আছিল নেকি, ক’ত হৈছিল গাফিলতি, ষড়যন্ত্ৰ বা বেআইনী কাৰকে অৰিহণা যোগাইছিল নেকি?- এইধৰণৰ বিভিন্ন বিষয়ত ৩ নৱেম্বৰৰ পৰা দিব পাৰিব জবানবন্দী। এই জবানবন্দী দেওবাৰ বাদ দি ২১ নৱেম্বৰলৈ চলিব। পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ লোৱা হ’ব জবানবন্দী। সৌমিত্ৰ শইকীয়াৰ নেতৃত্বৰ এজনীয়া তদন্ত আয়োগত দিব পাৰিব জবানবন্দী। চানমাৰিৰ খাদী ব’ৰ্ডৰ তদন্ত আয়োগৰ কাৰ্যালয়ত লোৱা হ’ব জবানবন্দী। শপতনামাৰ জৰিয়তে দাখিল কৰিব পাৰিব জবানবন্দী। লগতে তথ্যৰ সমৰ্থনত দাখিল কৰিব লাগিব নথি-পত্ৰ। ন্যায়িক আয়োগৰ হৈ সচিব ACS অৰূপ পাঠকে জাৰি কৰিলে তৎকালীন নির্দেশনা।
ডিজিটেল ডেস্ক, ১৭ অক্টোবৰ :