নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছাম বিশ্ববিদ্যালয়ত স্থাপন হ’ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, প্ৰেক্ষাগৃহৰ নামকৰণো হ’ব জুবিনৰ নামেৰে

আছাম বিশ্ববিদ্যালয়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব। লগতে নিৰ্মীয়মাণ ৫০০ আসনবিশিষ্ট প্ৰেক্ষাগৃহ জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হ’ব। বিশ্ববিদ্যালয়খনৰ এগজিকিউটিভ কাউন্সিলৰ ১৭৬ সংখ্যক বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

আছাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্থৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ৰাজ্যবাসীৰ আৱেগ-অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাই এই সিদ্ধান্ত লোৱা হয়। অধ্যাপক পন্থই কয় যে ৰাজ্য চৰকাৰৰ বিত্তিয় অনুদানেৰে নিৰ্মীয়মান প্ৰেক্ষাগৃহটো জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হ’ব। লগতে প্ৰেক্ষাগৃহৰ সমুখত স্থাপন কৰা হ’ব কিংবদন্তি শিল্পীগৰাকীৰ এটা প্ৰতিমূৰ্তি। আছাম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছত নৱনিৰ্মিত কনফাৰেন্স হলো জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ প্ৰদোষ কিৰণ নাথে জানিবলৈ দিয়ে ।

উল্লেখ্য যে জুবিন গাৰ্গে  শৈশৱ আৰু স্কুলীয়া জীৱন বৰাক উপত্যকাৰ শ্ৰীভূমি চহৰত অতিবাহিত কৰিছিল।

You might also like