নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা বিশ্বকাপৰ ছেমিৰ চতুৰ্থটো দল কোন- ভাৰত নে নিউজিলেণ্ড

মহিলা বিশ্বকাপৰ এখন ৰোমাঞ্চকৰ খেলত ইংলেণ্ডৰ মহিলা দলে ভাৰতক ৪ ৰানত পৰাজিত কৰিছে। এই জয়েৰে ইংলেণ্ড বিশ্বকাপৰ ছেমিফাইনেলৰ বাবে স্থান সুৰক্ষিত কৰা তৃতীয়টো দল হৈ পৰিছে। এতিয়ালৈকে তিনিটা দলে যোগ্যতা অৰ্জন কৰিছে আৰু এতিয়া কেৱল এটাৰ স্থান বাকী। ভাৰতৰ অৱস্থা এতিয়া কেনেকুৱা? আন কোন কোন দল দৌৰত আছে? পইণ্ট টেবুলত কাৰ কিমান পইণ্ট আৰু নেট ৰান ৰেট আছে? চাওঁ আহক।

ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা দলসমূহ যাত্ৰা এনেধৰণৰ-  অষ্ট্ৰেলিয়াই ৯ পইণ্ট আৰ্জিছে ৫খন খেলত ৪খন জয়, ১খন বৰষুণৰ বাবে বাতিলৰ দ্বাৰা, ইংলেণ্ডে ৯ পইণ্ট পাইছে ৫খন খেলত ৪খন জয়, ১খন ফলাফলবিহীনৰ দ্বাৰা আৰু  দক্ষিণ আফ্ৰিকাই ৮ পইণ্ট পাইছে ৫খন খেলত ৪খন জয়, ১খন পৰাজয়ৰ দ্বাৰা। এই তিনিটা দলে ছেমিফাইনেলৰ স্থান নিশ্চিত কৰিছে।

ভাৰতীয় মহিলা দল এতিয়াও বিশ্বকাপ ২০২৫ৰ ছেমিফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱা নাই। যদিও ইংলেণ্ডৰে ভাৰতৰ তৃতীয় পৰ্যায়ৰ পৰাজয়। ইয়াৰ আগতে ভাৰত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল। ভাৰতে ৫খন খেল খেলি ২খন জয় আৰু ৩খন পৰাজয়বৰণ কৰিছে। ইয়াৰ দ্বাৰা ৪ পইণ্টসহ দলটো এতিয়া চতুৰ্থ স্থানত আছে।

২৩ অক্টোবৰত নিউজিলেণ্ডৰ বিপক্ষে ভাৰতৰ পৰৱৰ্তী খেল হ’ব, যি এটা ডু অৰ ডাই খেল হ’ব। যদি ভাৰত পৰাজিত হয়, তেনেহ’লে নিউজিলেণ্ড (যি বৰ্তমানে ৫ম স্থানত আছে— ১খন জয়, ২খন বৰষুণৰ বাবে বাতিল) চতুৰ্থ স্থানত উঠি আহিব আৰু ভাৰত টপ-৪ৰ পৰা বাহিৰ হ’ব।

নিয়মীয়া বাৰ্তা ডেস্ক, ২০ অক্টোবৰ

You might also like