নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ৫০১ টকা আগবঢ়ালে এজন ব্যক্তিয়ে; মোদীয়ে ক’লে ‘প্ৰতিটো অৱদানেই গুৰুত্বপূৰ্ণ’

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ বিশ্বজুৰি সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনলৈ খেলজগতৰ পৰা অভিনয়জগতলৈ সকলো লোকেই কম বেছি পৰিমানে সহায়ৰ হাত আগবঢ়াইছে ।

ইয়াৰ মাজতে ক’ৰোনাৰে যুঁজিবলৈ দেশৰ প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সহায়ৰ হাত আগবঢ়াই চৈয়দ আতাউৰ ৰহমান নামৰ লোকজনে ৫০১ টকা অৱদান আগবঢ়াই আৰু টুইটযোগে তাৰ এক ফটো প্ৰচাৰ কৰে । লোকজনে সেই বিশেষ ফটোখনৰ ওপৰত লিখে- “মই এক ক্ষুদ্ৰ ধনৰাশি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনলৈ আগবঢ়াইছোঁ ।”

ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় – “এয়া একোৱেই সৰু বা ডাঙৰ পৰিমান নহয় । কিয়নো এই সময়ত প্ৰতিটো অৱদানেই যথেষ্ট গুৰুত্বপূৰ্ণ । যাক লৈ কোভিড–১৯ক হৰুৱাবলৈ আমি সকলোৱে সংকল্পবদ্ধ ।”

You might also like